গুৱাহাটী

সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ গণ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো একাংশ লোকৰ গাত লগা নাই কথা। যাত্ৰীবাহী প্ৰায়বোৰ ৰে'ল বন্ধ কৰি দিছে যদিও দুই এখন ৰে'লত অহা যাত্ৰীয়ে ৰে'ল ষ্টেচনত কোৰোনা ভাইৰাছ সংক্ৰান্তীয় পৰীক্ষা আৰু কোৱাৰেন্টাইন কৰাৰ পৰা বাচিবলৈ লৈছে বিকল্প পথ।

তেনে এক দৃশ্য দেখা পোৱা যায় গুৱাহাটী পল্টন বজাৰ ৰে'ল ষ্টেচনৰ সমীপত। মুল ষ্টেচনত প্ৰৱেশ কৰাৰ পূৰ্বে সংকেটৰ অপেক্ষাত থকা এই যাত্ৰীবাহী ৰে'লৰ পৰা কিছু লোক নামি ৰে'ল পথেৰে পলাই যোৱা দেখিবলৈ পোৱা যায়।

বাহিৰৰ পৰা অহা এই সকল লোকক কোৱাৰেন্টাইন আৰু তেওঁলোকৰ কোভিড পৰীক্ষা কৰাতো অত্যন্ত প্ৰয়োজনীয় যদিও এই লোক সকলে প্ৰশাসনক ফাঁকি দি এনেদৰে পলাই যোৱা ঘটনা কিমান বিপজ্জনক হ'ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি।

ইফালে, ৰাজ্য প্রশাসনে লকডাউনৰ নিয়ম কিছু শিথিল কৰাৰ পাছতে মহানগৰীত স্বাভাৱিক সদৃশ পৰিৱেশ দেখা পোৱা যায়। পুৱাৰে পৰা মহানগৰীৰ দোকান বজাৰত বয়বস্তু ক্ৰয় কৰিবলৈ অগণন লোকে ভিৰ কৰে।

সামাজিক ব্যৱধানৰ কথা পাহৰি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ অহা এই সকল লোকক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হয় একাংশ গেলামালৰ দোকানী। ৰাজপথতো সোমবাৰৰ দিনা দেখিবলৈ পোৱা যায় যথেষ্ট যান-বাহনৰ ভিৰ। বয়বস্তু ক্ৰয় কৰাৰ অজুহাততে ওলাই আহে এই সকল লোক। তেনে একাংশ লোকে আৰক্ষীয়ে বাধা দিয়াত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।

প্রশাসনে কেৱল গেলামালৰ দোকানসমূহ খোলাৰ অনুমতি দিছিল যদিও মহানগৰীত সোমবাৰৰ দিনা উপলব্ধ হ'ল প্ৰায় সকলোবোৰ বস্তু। বামুনীমৈদামত মুকলিকৈ বিক্ৰী হ'ল শাক-পাচলি, ফলমূল। আনকি জু-ৰোডত এটা পৰিতক্ত ঘৰৰ ভিতৰভাগত ব্ৰয়লাৰ আৰু আন মাংসও বিক্ৰী কৰে একাংশ বেপাৰীয়ে।

ইফালে, জুৰ সমীপৰ জাপৰীগোগলৈ যোৱা পথত এজন লোকৰ ঘৰত এখন ব্যক্তিগত বজাৰ বহাই সেই লোকজনে নিজৰ উদ্যোগত মাছ-মাংস বিক্ৰী কৰে একাংশ বেপাৰীৰ জৰিয়তে। সেই মাছ-মাংস ক্ৰয় কৰিবলৈ পুৱা ভাগত ভিৰ হয় যথেষ্ট সংখ্যক লোকৰ।

এটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত হোৱাৰ সূত্ৰেই প্রভাৱ খতুৱাই এই বৈশ্য উপাধিধাৰী লোকগৰাকীয়ে লকডাউনৰ মাজতো প্ৰশাসনে বজাৰ বন্ধ কৰি থওঁতেও এইদৰে নিজৰ ঘৰৰ চৌহদত বজাৰ খুলি মাছ-মাংসৰ বেহা পাতিছিল।