নিশা মালিগাঁৱ উৰণীয়া সেঁতুৰ তলত মুখ্যমন্ত্ৰীঃ ঠিকাদাৰ, অভিযন্তাক দিলে নিৰ্দেশ...
নিশা মালিগাঁৱ উৰণীয়া সেঁতুৰ তলত মুখ্যমন্ত্ৰীঃ ঠিকাদাৰ, অভিযন্তাক দিলে নিৰ্দেশ... 
গুৱাহাটী

নিশা মালিগাঁৱ উৰণীয়া সেঁতুৰ তলত মুখ্যমন্ত্ৰীঃ ঠিকাদাৰ, অভিযন্তাক দিলে নিৰ্দেশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশা পৰ্যবেক্ষণ কৰিলে মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতু। বুধবাৰে নিশা প্ৰায় ১২ বজাত মালিগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লয়।

সেই সময়ত তেওঁক কামৰ অগ্ৰগতিৰ সম্পৰ্কে সবিশেষ বিৱৰণ দিলে উৰণীয়ে সেঁতুখনৰ ঠিকাদাৰ আৰু অভিযন্তাই। উল্লেখ্য যে, মঙ্গলবাৰে উৰণীয়া সেঁতুখনৰ প্ৰায় ৫০ ফুট দীঘল এখন লোহাৰ ছাটাৰিং খহি পৰি দুজনকৈ লোক আহাত হোৱাৰ ঘটনা সংঘটিত হৈছিল।

আহত দুয়োজন লোক স্বাগত হাস্পতালত ভৰ্তি হৈ আছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা উৰণীয়া সেঁতুখন পৰ্যবেক্ষণ কৰি ঠিকাদাৰ, অভিযান্তাক কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে।

মঙ্গলবাৰৰ দুৰ্ঘটনাৰ পাছত তেওঁ উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য নিশাৰ ভাগত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰাৰ পাছত বুধবাৰে নিশাও সেই কথা আকৌ দোহাৰে। তেওঁ শীঘ্ৰেই এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰি কয়, উৰণীয়া সেতুখন নিৰ্মাণ কৰিবৰ বাবে মালিগাঁৱৰ মূল পথছোৱা ওৱান ৱে' কৰা হ'ব।

নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ পথটো ওৱান ৱে' হ'ব। এই সন্দৰ্ভত উপায়ুক্ত, মহানগৰ আৰক্ষীৰ তৰফৰ পৰা জনোৱা হ'ব নীতি-নিয়ম। পৰাপক্ষত নিশাৰ ভাগত মালিগাওঁ দিশে নাযাবলৈ ৰাইজক আহ্বান।

ইফালে এই উৰণীয়া সেতুখন ছেপ্টেম্বৰৰ ভিতৰত মুকলিৰ পৰিকল্পনা কৰিছে বুলি জনাইছে।