গুৱাহাটী

অসম বন্ধঃ ৰাজপথত নাই মানুহ, ৰিক্সাতে লৈছো সুখ নিদ্ৰা

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম বন্ধৰ প্রভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে। গুৱাহাটীত চিটি বাছকে ধৰি যান-বাহনৰ চলাচল প্ৰায় বন্ধ আছে। চৰকাৰে এই বন্ধত দোকান বন্ধ ৰাখিলে ট্ৰেড লাইচেঞ্চ বাতিলৰ ভাবুকি দিছিল যদিও, ৯ বজালৈকে কিন্তু মহানগৰীৰ প্ৰায়বোৰ দোকান-পোহাৰ বন্ধ থকা পৰিলক্ষিত হৈছে।

ব্যস্ত মহানগৰীৰ বাট-পথতো তেনেই কম সংখ্যক মানুহ দেখা পোৱা গৈছে। তাৰ মাজতে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত দেখা পোৱা গ'ল এক দৃশ্য। ৰিক্সাত এইদৰে ৰখাই শুই আছে এই ৰিক্সাচালক। আনদিনা হোৱা হ'লে বন্ধ সময়ত তেওঁৰ ব্যস্ততা বাঢ়ে।

শুই থকা ৰিক্সা চালকজনক সোধাত তেওঁ ক'লে- আন দিনাতকৈ আজি ব্যতিক্ৰম এই বন্ধ। বন্ধ সময়ত মানুহো ওলোৱা নাই বুলি মন্তব্য কৰি তেওঁ কয়- 'মানুহ-চানুহ নাই, সেয়েহে ৰিক্সাতে এঘুমটি মাৰিছো আৰু।'