গুৱাহাটী

অষ্টমীৰ নিশা মহানগৰীত এগৰাকী সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি

asomiyapratidin

ডিজিটেল ডেস্কঃ দু্ৰ্গাপূজাৰ অষ্টমীৰ নিশা মহানগৰীৰ ঠায়ে ঠায়ে দেখা গ'ল বিশৃংখল পৰিৱেশ। বুধবাৰে নিশা দুৰ্গাপূজাৰ আনন্দৰ মাজতে অতপালি চলালে এগৰাকী সুৰামত্ত মহিলাই। লতাশিল থানাৰ সন্মুখত মহিলাগৰাকীয়ে সুৰাৰ ৰাগীত মাতাল হৈ অসুবিধাত পেলাই আৰক্ষী জোৱান সকলক।

প্ৰথমে যান-বাহন আইন উলংঘা কৰে মহিলাগৰাকীয়ে। তাৰ পাছতে তেওঁ আক্ৰমণৰ চেষ্টা কৰে মহিলা আৰক্ষীক। লতাশিল থানাৰ এগৰাকী মহিলা যান-বাহন আৰক্ষীৰ পোছাকৰ বেজ ফালি পেলোৱাৰ চেষ্টা কৰে সুৰামত্ত মহিলা গৰাকীয়ে।

ইফালে দুৰ্গাপূজাৰ আনন্দৰ মাজত এনেদৰে পথত সুৰামত্ত মহিলাৰ অতপালিয়ে তীব্ৰ অসন্তুষ্টিত পেলাই একাংশ লোকক। কোনো কোনো লোকৰ মতে, কেৱল এই গৰাকী মহিলাই নহয়, একাংশ যুৱকৰ লগতে বহু কেইগৰাকী মহিলাই এনেদৰে সুৰামত্ত অৱস্থাত অহাৰ বাবে বিনষ্ট হৈছে দুৰ্গাপূজাৰ পৰিৱেশ।