গুৱাহাটী

মা দুৰ্গাৰ সৈতে পূজা মণ্ডপত উজ্বলিছে হিমা

asomiyapratidin

মহানগৰীত পূজাৰ প্ৰস্তুতি চৌদিশে। মা দুৰ্গাৰ সৈতে এইবাৰ পূজা মণ্ডপত উজ্বলিছে ধিং এক্সপ্ৰেছ হিমা। ডিম্পুল বৰগোঁহাইৰ এক বিশেষ প্ৰতিবেদন।

শাৰদীয় দুৰ্গাপূজাৰ মণ্ডপত এইবাৰ উজ্বলিছে মা দুৰ্গাৰ সৈতে অসম গৌৰৱ হিমা দাস। পূজা মণ্ডপ সমূহত দিয়া ভাৰতীয় ষ্টেট বেংকৰ এক বিজ্ঞাপনত হিমাক বিশেষভাৱে স্থান দিয়া হৈছে। জাতীয় পতাকা গাত লৈ জাকাৰ্টাত পোৱা মেডেলসহ য়'ন'ৰ এই বিজ্ঞাপনটোত স্থান দিয়া হৈছে দৌৰবিদগৰাকীক।

বিজ্ঞাপনটোত লিখা আছে- 'উই আৰ গ্লেড টু ৱেলকাম হিমা দাস এজ আৱাৰ ব্ৰেড এম্বেছাদৰ অৱ য়'ন'। গীতানগৰ পূজাস্থলীত সন্মুখৰ ভাগতেই স্থান দিয়া হৈছে হিমা দাসৰ ফটো থকা এই বিজ্ঞাপনটোক। উল্লেখযোগ্য যে, অনুশীলনলৈ নগৈ বিজ্ঞাপন বা সভা-সমিতিত অধিক সময় ব্যস্ত থকাৰ বাবে হিমা দাস সমালোচনাৰো সন্মুখীন হৈছিল।

তাৰ মাজতে এইদৰে এতিয়া মহানগৰীৰ কেবাখনো পূজা মণ্ডপত দেখা পোৱা গৈছে হিমা দাসৰ ফটো। এক অৰ্থত মা দুৰ্গাৰ আধাৰনাস্থলীত বিজ্ঞাপন গাৰ্ল হিচাপে এথলিটগৰাকীক গুৰুত্ব সহকাৰে স্থান দিয়া হৈছে। ইতিমধ্যে এই বিজ্ঞাপনসমূহত হিমা দাসৰ এই ফটো দেখি মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

দুই-একে মন্তব্য কৰিছে- বিজ্ঞাপনৰ এনে ব্যস্তপূৰ্ণ জীৱনৰ বাবেই হিমাই হয়তো খেলত অধিক মনোনিবেশ কৰিব পৰা নাই। যাৰবাবে ১০ অক্টোবৰতেই পাটিয়ালালৈ প্ৰশিক্ষণৰ বাবে উভতিব লগা হিমা দাস আজিও উভতি নোযোৱাত এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ মুৰব্বীগৰাকীয়ে হিমা দাসৰ এনে অমনযোগিতাক লৈ অসন্তুষ্টি ব্যক্তি কৰিছিল।