গুৱাহাটী

যাত্ৰীৰ পৰা অত্যাধিক ভাড়াঃ চিটি বাছকে ধৰি যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে ৰুজু গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ যাত্ৰীৰ পৰা অত্যাধিক ভাড়া লোৱা চিটি বাছ আৰু অন্যান্য যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে বৃহস্পতিবাৰে মহানগৰ প্ৰশাসনে এক অভিযান চলায়। উল্লেখ্য যে, বহু যাত্ৰীবাহী বাহনে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি যাত্ৰীৰ পৰা অত্যাধিক ভাড়া সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈ আহিছে।

কামৰূপ মহানগৰত নতুনকৈ যোগদান কৰা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়াসকলে বৃহস্পতিবাৰে লালগণেশ-লখৰা পথত এই অভিযান চলায়। যাত্ৰীৰ অভিযোগ ভিত্তিত পৰিবহন বিভাগে ৬খন চিটি বাছ আৰু ৩৩খন যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে অত্যাধিক ভাড়া সংগ্ৰহ কৰাৰ অভিযোগত পৰিবহন আইনৰ অধীনত গোচৰ ৰুজু কৰে।

পৰিবহন বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, যাত্ৰীৰ পৰা বেছি ভাড়া আদায় কৰা যান-বাহনৰ বিৰুদ্ধে নিয়মীয়াকৈ চলিব অভিযান। পৰিবহন বিভাগে সেয়েহে চিটি বাছ আৰু যাত্ৰীবাহী বাহনক যাত্ৰীৰ পৰা অত্যাধিক ভাড়া নল'বলৈ সৰ্তক কৰি দিয়ে।