গুৱাহাটী

মহানগৰীত বন্ধৰ ক’ত কি প্ৰভাৱ, VIDEO

asomiyapratidin
  • মঙলবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ৬০টা সংগঠনৰ।
  • গুৱাহাটী মহানগৰীত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
  • কিছুসংখ্যক ব্যক্তিগত বাহন চলাচল কৰিছে মহানগৰীৰ ৰাজপথত।
  • চানমাৰিৰ ৰাজপথত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তহল।
  • গুৱাহাটীৰ ৰাজপথ সেৰেঙা যাত্ৰীবাহী বাহন।
  • মহানগৰীৰো বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ।
  • গড়চুক, আই এছ বি টিত টায়াৰ জ্বলাই বাহন চলাচলত বাধা বন্ধ সমৰ্থকৰ।
  • সৰুসজাইতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ সদস্যসকলৰ।
  • নাৰেংগীৰ ৰাজপথতো প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
  • মহানগৰীৰ বৰবাৰীতো ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থৰ।
  • বন্ধৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা এজন প্ৰতিবাদকাৰীক আটক ফাঁচীবজাৰ আৰক্ষীৰ।
  • বশিষ্ঠতো অসম উন্নয়ন পৰিষদৰ তিনি সদস্যক আটক কৰে আৰক্ষীয়ে।
  • অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচম কুমাৰ উজীৰ, আশিস বৰা আৰু মানস দত্তক আটক আৰক্ষীৰ।
  • বৰঝাৰ বিমান বন্দৰতো পৰিছে বন্ধৰ প্ৰভাৱ।
  • বিমান বন্দৰৰ ভিতৰত ৰৈ আছে যাত্ৰী।
  • ৰেল ষ্টেচন সদৃশ হৈ পৰিছে বিমান বন্দৰৰ পৰিৱেশ।
  • পল্টন বজাৰ ৰেল ষ্টেচনতো বন্ধ প্ৰভাৱ পৰিলক্ষিত।
  • দূৰণিবটীয়া যান-বাহন চলাচলো প্ৰায় বন্ধ।