গুৱাহাটী

এজাক বৰষুণতে জলমগ্ন স্মাৰ্ট চিটি

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ৰাজপথ। মাত্ৰ তিনিঘণ্টাৰ নেৰানেপেৰাকৈ অহা বৰষুণে উদঙাই দিলে স্মাৰ্ট চিটি ঘোষণাৰ নমুনা। মহানগৰীৰ কৃত্ৰিম বান নতুন কথা নহয় যদিও এই বানৰ সমাধান আজিকোপতি নহ'ল।

ইফালে এই বানত চানমাৰি, উলুবাৰী, গণেশগুৰিত যানবাহনসমূহ আবদ্ধ হৈ পৰে। তদুপৰি সেই সময়ত হোৱা কৃত্ৰিম বানৰ বাবে যানবাহনৰ উপৰিও বিদ্যালয়লৈ অহা শিক্ষাৰ্থীৰ লগতে অফিচ কাছাৰী কৰ্মচাৰী সকলেও ৰাজপথতে বহু দেৰিলৈকে ৰৈ থাকিব লগা হয়। পিছে আভিজাত মহানগৰীৰ কৃত্ৰিম বান কেতিয়াবা সমাধান হব নে সেয়াই হৈছে মহানাগৰিকৰ এতিয়া চিন্তাৰ মূল বিষয়।