গুৱাহাটী

কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা…

asomiyapratidin

ডিজিটেল ডেস্কঃ যিকোনো ৰোগ নিৰাময়ৰ বাবে চিকিৎসকৰ চিকিৎসাৰ উপৰিও ৰোগী মানসিকভাৱে সুস্থ হৈ থকাটো খুবেই প্ৰয়োজন। দেশ-বিদেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত ৰোগীৰ মানসিক স্থিতি সুস্থ-সবল কৰি ৰাখিবৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হয়। উত্তৰ-পূবৰ এখন অগ্ৰণী চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানেও ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে এনে বিভিন্ন কাৰ্যসূচী সময়ে সময়ে গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান শিশু ৰোগীক মানসিক স্থিতি সুস্থ-সবল কৰাৰ উদ্দেশ্যই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰে। চিকিৎসালয়খনে শিশু ৰোগীকেইগৰাকীক অভিভাৱকৰ সৈতে মহানগৰীৰত থকা বালাজী মন্দিৰ পৰিভ্ৰমণ কৰায়। লগতে বিভিন্ন তৰহৰ খেলেৰে শিশুসকলৰ মনত আনন্দ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰা হয়। উল্লেখ্য যে, শনিবাৰে প্ৰায় ১০ গৰাকী শিশু কৰ্কট ৰোগীক এই ব্যতিক্ৰমী কাৰ্যসূচীত সাঙুৰি লয় চিকিৎসালয়খনে।