গুৱাহাটী

উপায়ুক্ত, ৰাজহ চক্র কাৰ্যালয়ত নাথাকিব জনসমাগম, ইণ্টাৰনেটতে উপলব্ধ হ'ব সকলো সুবিধা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে উত্তৰ গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি ২০৩০ চনৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ’ব ৰাষ্ট্রীয় গেমছ । আমিনগাঁও, চন্দ্রপুৰ, সৰুসজাইত অনুষ্ঠিত হ’ব ৰাষ্ট্রীয় গেমছ ।

তদুপৰি চন্দ্রপুৰত দিব্যাংগসকলৰ বাবে নিৰ্মাণ কৰা হ’ব অত্যাধুনিক ষ্টেডিয়াম । আমিনগাঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামক সাজু কৰা হৈছে দেশৰ সৰ্ববৃহৎ‍ বেডমিণ্টন ষ্টেডিয়াম হিচাপে । এই ষ্টেডিয়ামখন ১১ আগষ্টত মুকলি কৰা হ’ব ।

আমিনগাঁও ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ এটা ছুইমিং পুল । তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ৰাজ্যত নতুন প্রশাসনিক সেৱাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ । উপায়ুক্ত কাৰ্যালয়, ৰাজহ চক্র কাৰ্যালয়ত নাথাকিব জনসমাগম । ই–অফিচৰ ধাৰণাৰে আগবাঢ়িছে ৰাজ্য চৰকাৰ ।"