গুৱাহাটী

গুৱাহাটীলৈ আহি আছে ছাৰ্জিল ইমাম…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীলৈ অনা হ'ব ছাৰ্জিল ইমামক। অসম-উত্তৰ পূৰ্বক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল ছাৰ্জিল ইমামে। তাৰ পিছতে সৃষ্টি হৈছিল প্ৰতিবাদৰ। সকলো লোকে ছাৰ্জিলক গ্ৰেপ্তাৰ কৰি তেওঁৰ মন্তব্যৰ বাবে শাস্তি দিয়াৰ দাবী জনাইছিল।

আন আন দাবীৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও ছাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই অনুসৰিয়েই গুৱাহাটীলৈ আনি ছাৰ্জিল ইমামক ২০ ফেব্ৰুৱাৰীত হাজিৰ কৰিব লাগিব গুৱাহাটীৰ আদালতত।

উল্লেখ্য যে, এক সূত্ৰই জনোৱা অনুসৰি ছাৰ্জিলক গুৱাহাটী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে। বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ছাৰ্জিল ইমাম।