গুৱাহাটী

ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি নিলম্বিত এগৰাকী মহিলা আৰক্ষী বিষয়া…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ একাংশ বিষয়া-জোৱানৰ বাবে বাৰে বাৰে সন্মানহানি হৈছে অসম আৰক্ষীৰ। এইবাৰ গুৱাহাটী মহানগৰীৰ বৰঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চেহনাজ ইয়াছমিন নামৰ মহিলা আৰক্ষী গৰাকীয়ে ট্ৰাক-ডাম্পাৰৰ পৰা ধন সংগ্ৰহৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে বিভিন্ন সময়ত শিল বালি কঢ়িয়াই অনা ট্ৰাক-ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ মহিলা আৰক্ষী গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হয়। ইফালে আৰক্ষী বিষয়া গৰাকীৰ এই ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য স্থানীয়লোকে মবাইলত আবদ্ধ কৰি ছছিয়েল মিডিয়াত ভাইৰেল কৰিছিল ।

তাৰপিছতে এই খবৰ লাভ কৰি তৎকালীন আৰক্ষীৰ শীৰ্ষ বিষয়াই ধন সংগ্ৰহ কৰা মহিলা আৰক্ষী বিষয়া চেহনাজ ইয়াছমিনক চাকৰিৰ পৰা নিলম্বন কৰে। আনহাতে আৰক্ষী বিষয়া গৰাকীৰ পূৰ্বে থকা বিভিন্ন অভিযোগৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াই সকীয়নি দি আহিছিল যদিও কোনো কাণষাৰ নিদিয়াকৈ নিজৰ খেয়ালখুচি মতে আৰক্ষী বিষয়া গৰাকীয়ে কৰ্তব্য পালন কৰি আহিছিল ।