গুৱাহাটী

বাৰে বাৰে কৰিছে ১০৮ত ফোন, মহানগৰীৰ সমীপতে এম্বুলেন্স বিচাৰি হাঁহাকাৰ ৰোগীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যৰ চিকিৎসক-চিকিৎসা কৰ্মীয়ে দিনে-নিশাই কাম কৰিছে কোভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে। নিজৰ পৰিয়াল, বাসগৃহৰ পৰা দূৰত থাকি অতি নিষ্ঠাৰে কাম কৰি গৈছে তেওঁলোকে।

কিন্তু তাৰ মাজতে ৰাজ্যবাসীৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে, সকলো চিকিৎসক বা চিকিৎসা কৰ্মী কোৰোনা মহামাৰীৰ এই পৰিস্থিতিত সক্ৰিয় নে? কিয়নো বোন্দাৰ এজন ব্যক্তিয়ে বুধবাৰে বিয়লি ভাগৰে পৰা ১০৮ সেৱাত ফোন কৰিও কোনো সহায়-সুবিধা লাভ কৰা নাই।

জানিব পৰা মতে, বোন্দাস্থিত মাৰিয়া পাব্লিক স্কুলৰ সমীপত বাস কৰা অনিল খাউণ্ড নামৰ লোকজনে বুধবাৰ দিনৰ পৰা উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। তদুপৰি, তেওঁৰ মূৰৰ বিষ হোৱা বুলি জানিব পৰা গৈছে। কোৰোনা সদৃশ লক্ষণ দেখা দিয়া অনিল খাউণ্ড নামৰ লোকজনে আৱেলিৰ পৰা ১০৮ত ফোন কৰি আছে যদিও বৰ্তমানলৈ তেওঁক চিকিৎসালয়লৈ নিবলৈ অহা নাই ১০৮ এম্বুলেন্স। গুৱাহাটী মহানগৰীৰে অন্তৰ্গত এটা এলেকাত যদি এনে ঘটনা সংঘটিত হয়, তেন্তে ৰাজ্যখনৰ ভিতৰুৱা এলেকাসমূহৰ সাধাৰণ ৰাইজে এই সেৱাৰ পৰা কিমান সুবিধা লাভ কৰিছে সেয়া সন্দেহৰ বিষয় হৈ পৰিছে।