গুৱাহাটী

গুৱাহাটীত বিজেপি যুৱ মৰ্চাৰ ৩ লাখ সদস্যভৰ্তি অভিযানৰ লক্ষ্যৰে ৰাজ্যিক কাৰ্যনিবাহক সভা…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টি দলৰ সদস্য ভৰ্তি অভিযান চলি থকাৰ মাজতে দেওবাৰে মহানগৰীতো বিজেপিৰ যুৱ মৰ্চাৰ সদস্য ভৰ্তি সম্পৰ্কে ৰাজ্যিক কাৰ্যনিবাহক সভাখনি অনুষ্ঠিত হয় । মহানগৰীৰ দিছপুৰ লাষ্টগেটৰ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনিত উপস্থিত থাকে ৰাজ্যিক (স্বতন্ত্ৰ) স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা।

ইফালে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে সভাত তিনি লাখ নতুন সদস্য ভৰ্তিৰ উদ্দেশ্যৰে আদৰণি ভাষণ আগবঢ়ায়। আনহাতে যুৱ মৰ্চাৰ সদস্য ভৰ্তি সম্পৰ্কত ভূমিকা তথা উৎসাহ প্ৰদানেৰে উপস্থিত থাকি একেদৰে ভাষণ দিয়ে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক খগেন্দ্ৰনাথ শৰ্মাই ।

তদুপৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বিজয় কুমাৰ গুপ্তাই অংশগ্ৰহণ কৰা সভাখনিত যুৱ মৰ্চাৰ বিষয়ববীয়াৰ লগতে যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক তথা যুৱ প্ৰভাৰী সৌৰভ চিকদাৰৰ উপৰিও অসমৰ ৩৯ খন জিলাৰ সাংগঠনিক জিলা সভাপতিৰ সদস্য ভৰ্তি অভিযানৰ আহ্বায়ক আৰু সহ- আহ্বায়কসকল উপস্থিত থাকে ।