গুৱাহাটী

অসম বন্ধৰ বিৰোধিতাৰ প্ৰস্তাৱ বিজেপিৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে গুৱাহাটীত বিজেপিৰ বিষয়ববীয়া বৈঠক অনুষ্ঠিত হয়৷ বৈঠকৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে৷

বৈঠকত হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয়, 'পঞ্চায়ত নিৰ্বাচন আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বৈঠকত আলোচনা কৰা হৈছে৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বিচাৰি ৰাজ্যিক নিৰ্বাচন আয়োগক পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আহ্বান কৰা হৈছে৷' ইফালে কৃষক মুক্তিকে ধৰি ৰাজ্যৰ কেইবাটাও সংগঠনে মঙলবাৰে ঘোষণা কৰা ১২ ঘন্টীয়া অসম বন্ধ সন্দৰ্ভত মন্তব্য কৰি ৰঞ্জিত দাসে প্ৰস্তাৱিত বন্ধক লৈ বিজেপিয়ে বিৰোধিতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে৷

তেওঁ কয়, 'JPCৰ সিদ্ধান্ত বা চূড়ান্ত প্ৰতিবেদন দাখিলৰ পূৰ্বে এনে বিৰোধিতা সমিচীন নহয়। আমি সকলোকে এই বন্ধ নামানিবলৈ আহ্বান জনাইছো।'

আনহাতে, ১৭ নৱেম্বৰত কেইবাটাও বাঙালী সংগঠনে অনুষ্ঠিত কৰিবলগীয়া অভিৱৰ্তনৰো বিৰোধিতা কৰা বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷

অসম গণ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে অসম গণ পৰিষদৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ আছে৷ কিন্তু কৃষকৰ সংগঠনে প্ৰতিবাদ কৰাৰ যুক্তি নাই৷

'অখিল গগৈয়ে ধুবুৰীলৈ গৈ এজনো বিদেশী নাই বুলি টেটু ফালিছিল' বুলি অভিযোগ উত্থাপন কৰি ৰঞ্জিত দাসে কয় যে যুক্তিৰ আধাৰত সকলোৱে বিষয়বোৰ আলোচনা কৰিব লাগে৷ তেওঁ আৱেগক প্ৰশ্ৰয় দিলে অসমত অস্থিৰতাহে বৃদ্ধি পাব বুলিও মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত৷