গুৱাহাটী

এজেৱাইচিপিৰ উদ্যোগত নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰত ‘বিহু উৰুৱা উংসৱ’

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতি উদ্যোগত নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰত অনুষ্ঠিত বিহু উৰুৱা উংসৱ। শনিবাৰে পুৱা প্ৰায় ১১ বজাত সাংস্কৃতিক শুভাযাত্ৰা উদ্ধোধন কৰে পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই।

ইফালে, দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাৰ সভাপতিত্ব কৰে মহানগত সমিতিৰ সভাপতি প্ৰদীপ কলিতাই। উক্ত সভাত অসমৰ তিনি গৰাকী বিশিষ্ট ব্যক্তিক জ্ঞাপন কৰা হয় সম্বৰ্ধনা। সম্বৰ্ধনা জ্ঞাপন কৰা বিশিষ্ট ব্যক্তি কেইজন ক্ৰমে প্ৰাক্তন ৰাজ্যিক খেলুৱৈ শ্ৰীযুত সুৰেশ কাইমল, সাহিত্যিক গীতিকাৰ শিল্পী শ্ৰীযুত কীৰ্তি কমল ভূঞা আৰু সাহিত্যিক সাংবাদিক শ্ৰীযুত দিলীপ চন্দন।