গুৱাহাটী

বশিষ্ঠ সেনা চিকিৎসালয়ৰ উদ্যোগ আৰু নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ সহযোগত বিশ্ব ৰোগীৰ সুৰক্ষা দিৱস পালন…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব ৰোগীৰ সুৰক্ষা দিৱস। বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি বশিষ্ঠ সেনা চিকিৎসালয়ৰ উদ্যোগত তথা নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ সহযোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বশিষ্ঠস্থিত সেনা হাস্পতালখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ আঁত ধৰে মেজৰ স্বয়ম অৰাই।

অনুষ্ঠানত ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া বিভিন্ন দিশৰ ওপৰত আলোকপাট কৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ মুখ্য পৰিচালন বিষয়া ডাঃ গীতাৰ্থ ৰয়মেধিয়ে। আগবঢ়োৱা ভাষণত তেওঁ উল্লেখ কৰে যে, ৰোগীৰ সুৰক্ষা স্বাস্থ্যসেৱাৰ প্ৰধান উদ্দেশ্য। তেওঁ লগতে কয় যে, ৰোগীক বিভিন্ন ধৰণৰ সংক্ৰমণাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পৰিয়ালৰ লগতে চিকিৎসাকৰ্মীসকলেও চেষ্টা কৰিব লাগে।

উক্ত অনুষ্ঠানত বশিষ্ঠ সেনা চিকিৎসালয়ৰ কামাণ্ডাৰ পি কে দেশমুখকে ধৰি অন্যান্য চিকিৎসক, চিকিৎসাকৰ্মী আৰু আৰ্মি নাৰ্ছিং কলেজৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে।

ইফালে মঙলবাৰে দিছপুৰস্থিত জিএনআৰচি হাস্পতালৰ প্ৰেক্ষাগৃহতো পালন কৰা হয় বিশ্ব ৰোগী সুৰক্ষা দিৱস। হাস্পতাল কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত হাস্পতালখনৰ অধ্যক্ষ ডাঃ নোমল চন্দ্ৰ বৰাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকল উপস্থিত থাকে।

ডাঃ জিত পাটোৱাৰী সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি এখন পোষ্টাৰ মেকিং প্ৰতিযোগিতা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশ লৈ ডাঃ নোমল চন্দ্ৰ বৰাই কয়, 'প্ৰতিজন লোকে নিজৰ ৰোগৰ যতন ল'ব লাগে। লগতে স্বাস্থ্যৰ যতন লোৱা লোকসকলক নিজৰ স্বাস্থ্য তথা ৰোগৰ বিষয়ে সম্পূৰ্ণ মুক্তকৈ ক'ব লাগে। তেখেতে কয় যে, অসুৰক্ষিত চিকিৎসা ব্যৱস্থাৰ বাবে নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত প্ৰতিবছৰে ২.৬ মিলিয়ন লোকে প্ৰাণ হেৰুৱাই।