গুৱাহাটী

থিয়নামেৰে জীপাল হ’ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বামুণীমৈদামস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰত শনিবাৰে অনুষ্ঠিত হয় থিয়নাম সমাৰোহ। সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা এই সমাৰোহত অংশ লয় ২০০ ৰো অধিক ভক্তপ্ৰাণ ৰাইজে। শ্ৰীমন্ত শংকৰদেৱ সমাজ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত হোৱা এই সমাৰোহখনিত গোষ্ঠীৰ সদস্য সকলে পৰিৱেশন কৰা থিয়নাম উপভোগ কৰিবলৈ যথেষ্ট সংখ্যক দৰ্শকেও ভিৰ কৰে শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰত।

প্ৰতিবছৰে বহাগৰ ৭ তাৰিখে অথাৎ সাত বিহুৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এই থিয়নাম সমাৰোহ। লক্ষ্যনীয়ভাৱে সমাৰোহৰ থিয়নাম পৰিৱেশন কৰিলে একাংশ নৱপ্ৰজন্মৰ শিল্পীয়েও।

মহাপুৰুষ দুজনাৰ কৃষ্টি-সংস্কৃৰি ধৰি ৰখাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে পূৰ্বতেও এনে অনুষ্ঠান অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে। ৩ টা পুৰুষৰ দল আৰু ১ টা মহিলাৰ দলে থিয়নাম পৰিৱেশন কৰে এই সমাৰোহত।

থিয়নামৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পাছতে সমূহ ভক্তপ্ৰাণ ৰাইজক প্ৰসাদ বিতৰণ কৰাৰ লগতে একেলগে আহাৰো গ্ৰহণ কৰে।

শ্ৰীমন্ত শংকৰদেৱ সমাজ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি বাবুল বৰা আৰু সম্পাদক হীতেশ পাঠকে জানিবলৈ দিয়ে যে, বহাগৰ সাত বিহুৰ দিনাই মহাপুৰুষ দুজনাক স্মৰণ আৰু সমাজত একতাৰ বান্ধোন সুদৃঢ় কৰাৰ লক্ষ্যৰেই প্ৰতিবছৰেই অনুষ্ঠিত কৰা হয় এই থিয়নাম সমাৰোহ। এই বৰ্ষৰ দৰে প্ৰতিবাৰেই বিপুল সংখ্যক ভক্তপ্ৰাণ ৰাইজে অংশ লয় সমাৰোহত।