গুৱাহাটী

কাতি বিহু উপলক্ষে মহানগৰীত ‘অসমৰ শিপা’ৰ তুলসী পুলি বিতৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ কাতি বিহুৰ দিনা 'অসমৰ শিপা' নামৰ এক সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ। কাতি বিহু উদযাপন কৰিবলৈ প্ৰস্তুত মহানগৰবাসীলৈ এটাকৈ তুলসী পুলি আগবঢ়াইছে সংগঠনটোৱে। বৃহস্পতিবাৰৰ পুৱা ১০ বজাৰ পৰা জু-ৰোড তিনিআলিৰ নামঘৰৰ প্ৰাংগনত বিনামূল্যে প্ৰতিজন লোককে তেওঁলোকে যোগান ধৰে তুলসী পুলিৰ।

মুকুট লোচন কলিতা আৰু প্ৰাঞ্জল বৰা নামৰ দুজন লোকৰে নেতৃত্বত ৰূপায়িত হয় এই কাৰ্যসূচী। ইফালে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ আঁৰত আছে দুগৰাকী প্ৰবাসী অসমীয়া। তেওঁলোক ক্ৰমে আমেৰিকাত থকা বয়িং অভিযন্তা আৰতী বৰুৱা আৰু কানাডাত থকা আন এগৰাকী অসমীয়া অভিযন্তা অভিশ্ৰুতি দত্ত।

বিহুৰ দিনা প্ৰতিজন অসমীয়া লোকে তুলসীৰ তলত এগছি বন্তি জ্বলাই ভগৱানক সেৱা জনায়। যাৰ বাবে সকলোকে প্ৰয়োজন হয় তুলসী পুলিৰ। তুলসী পুলি এটা যোগাৰ কৰাটো মহানগৰবাসীৰ বাবে এক অসুবিধা স্বৰূপ। কিয়নো প্ৰয়োজন হ'লে তুলসী পুলি পোৱা নাযায় মহানগৰীত। কিন্তু আপোনাৰ মোৰ দৰে হাজাৰজনৰ এই সমস্যাৰ সমাধানৰ বাবেই আগবাঢ়ি আহিছে 'অসমৰ শিপা' নামৰ এই সংগঠনটো।

তেওঁলোকে বৃহস্পতিবাৰে মহানগৰীৰ সহস্ৰাধিক লোকক বিনামূলীয়াকৈ তুলসী পুলি বিতৰণ কৰে। তুলসী পুলি সংগ্ৰহ কৰি এয়া আমাৰ সমাজ জীৱনৰ আবে এক আশাৰ আৰম্ভণি বুলি মন্তব্য কৰে বহুলোকে।