গুৱাহাটী

অসম প্ৰকাশন পৰিষদৰ কাব্যনুষ্ঠান ‘বন্দো কি ছন্দেৰে’ সম্পন্ন

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ব্যাপক উচাহ-উদ্দীপনাৰে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত অসম প্ৰকাশন পৰিষদৰ কাব্যনুষ্ঠান 'বন্দো কি ছন্দেৰে' অনুষ্ঠিত হয়।

অবনী বৰাই আঁত ধৰা এই অনুষ্ঠানত কবিসকলে দেশপ্ৰেমমূলক কবিতা পাঠ কৰে। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে অসম  প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

লেখক তথা কবিসকলৰ মাজত দেশৰ প্ৰতি যি অনুৰাগ আৰু প্ৰেমৰ জন্ম হয় সেই বাৰ্তাই জনগণক  দেশৰ প্ৰতি আৰু অধিক অনুগত্যশীল কৰি তুলিব বুলি মন্তব্য কৰে সচিব কলিতাই।

এই অনুষ্ঠানত আৰম্ভণি ভাষণ প্ৰদান কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰ সহকাৰী সঞ্চালক উৎপল দত্তই। অনু্ষ্ঠানটিত কবিতা পাঠ কৰে আনিছ উজ্ জামান, অৰ্চনা পূজাৰী, নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক, সৌৰভ শইকীয়া, বিৰিঞ্চি ৰাভা, মৈত্ৰেয়ী পাটৰ, গংগামোহন মিলি, বংশী বৰা, হাংমিজি হাঞ্চে, কমল কুমাৰ জৈন, দীপক বৰগীয়াৰি, জুনমণি চাহু আদিয়ে।

এই অনুষ্ঠানত জ্যেষ্ঠ কবি ৰবীন্দ্ৰ বৰাৰ দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে নয়ন প্ৰসাদে। লগতে অম্বিকাগিৰি ৰায় চৌধুৰীৰ আন এটা দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি ১৪ আগষ্টত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে নিশা ৯.৩০ত সম্প্ৰচাৰিত হ'ব।