গুৱাহাটী

অসম বন্ধত মহানগৰীৰ চৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত নজৰ ৰাখিবলৈ বিশেষ বিষয়া নিযুক্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ দিছপুৰৰ পৰা বিশেষ নিৰ্দেশ লাভ কৰাৰ পাছত কামৰূপ (মেট্ৰ') প্ৰশাসনেও অসম বন্ধ বিফল কৰিবলৈ বিশেষ পদক্ষেপ লাভ কৰিছে। সেই অনুসৰি কামৰূপ (মেট্ৰ)ৰ উপায়ুক্তই জিলাখনৰ অধীনস্থ বিভাগসমূহৰ উপস্থিতি তদাৰক কৰিবলৈ বিশেষ বিষয়া নিযুক্তি দিছে। ৪৬টা জাতীয় সংগঠনে অসম বন্ধৰ আহ্বান দিয়া এই সময়চোৱাত যাতে চৰকাৰী কাৰ্যালয়সমূহত বিষয়া-কৰ্মচাৰী উপস্থিত থাকে, সেই উপস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিব এই বিষয়াসকলে।

সেই অনুসৰি কামৰূপ (মেট্ৰ')ৰ উপায়ুক্তই উলুবাৰী জিলা কৃষি বিষয়া কাৰ্যালয়ত, কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়, চেনিকুঠি পশুপালন বিভাগৰ কাৰ্যালয়, হেন্ডলুম আৰু টেক্সটাইলছৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ উপস্থিতি তদাৰক কৰিব। খানাপাৰাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়, ডায়েৰী ছাব ডিভিজনেল ৱেল ফেয়াৰ অভিচাৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিও পৰীক্ষা কৰিব কামৰূপ (মেট্ৰ') উন্নয়ন আয়ুক্তগৰাকীয়ে।

পি ডব্লিউ ডি (পথ, উদ্যোগ) আদি বিভাগৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত উপায়ুক্ত পলাশপ্ৰতিম বৰাক। এইদৰে কামৰূপ (মেট্ৰ)ৰ প্ৰতিটো কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি অসম বন্ধৰ সময়চোৱাত দৃষ্টি ৰাখিব জিলা প্ৰশাসনৰ বিষয়াসকলে।