গুৱাহাটী

অসম ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানৰ প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়। সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী হোৱাৰ বাবে বিগত কেবাবছৰ ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই অহা হৈছিল। অৱশেষত বুধবাৰে নিশা চিৰিয়াখানা কৰ্তৃপক্ষ সফল হয়।

বহুবছৰৰ মূৰত যোৱাবছৰ এটি মাইকী পোৱালি জন্ম হোৱাৰ লগতে বুধবাৰে নিশা এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। এই বিষয়ে জানিবলৈ দিছে চিৰিয়াখানাৰ ডি.এফ.অ. তেজস মৰিস্বামী আৰু ৰেঞ্জাৰ ৰবীন বৈশ্যই।