গুৱাহাটী

মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত আৰক্ষীৰ শেনদৃষ্টি

asomiyapratidin

ডিজিটেল  ডেস্কঃ গুৱাহাটীত এতিয়া আৰক্ষীয়ে নিশ্চিত নিৰাপত্তা গঢ়ি তুলিছে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে স্থলভাগত তালাচী অভিযানৰ লগতে নদী আৰক্ষীও সষ্টম হৈ পৰিছে।

মহানগৰ আৰক্ষী জোৱানসকলে আজি স্নীফাৰ ড'গ লৈ ৰে'ল লাইনসমূহত তালাচী অভিযান চলায়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কুটাঘাতকাৰীয়ে যাতে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিয়ে এই  সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

জলপথসমূহতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে।