গুৱাহাটী

শিশুৰ মনক নতুনত্বৰ সন্ধান দিয়া এখন শিক্ষানুষ্ঠান

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে ষষ্ঠ দিনত ভৰি দিলে অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে আয়োজিত অনুষ্ঠানে। সোমবাৰে অসম জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় শিশু শিক্ষাৰ্থীসকলৰ বিশেষ অনুষ্ঠান 'আমাৰ ৰূপালী জয়ন্তী'। অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা বিভিন্ন অনুষ্ঠানে উপস্থিত সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰে। শিক্ষয়ত্ৰী অপৰ্ণা দেৱীয়ে অনুষ্ঠানৰ আৰম্ভণি ঘোষণা কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে শৈক্ষিক বিষয়া নৰেন্দ্ৰ মোহন গোস্বামীয়ে। বন্তি প্ৰজ্বলনৰ পাছতে আদৰণি ভাষণ আগবঢ়ায় অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে।

শিশু সকলৰ বিভিন্ন সুপ্ত প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি অহা অসম জাতীয় বিদ্যালয়ৰ ২৬ ডিচেম্বৰৰ পৰা ৰূপালী জয়ন্তীৰ উপলক্ষে আয়োজিত সকলো অনুষ্ঠানেই সু শৃংখলাৰ মাজেৰে অনুষ্ঠিত হয়।

'আমাৰ ৰূপালী জয়ন্তী' শীর্ষক অনুষ্ঠানত অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো ছাত্র-ছাত্ৰীয়ে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।

গীত, নৃত্য, নাটকৰ সমাহাৰত উছৱ মুখৰ পৰিবেশে বিৰাজ কৰে অসম জাতীয় বিদ্যালয়ৰ বাকৰিত। ৰাজ্যখনৰ সমাজ সংস্কৃতিৰ বিভিন্ন দিশ ফুটাই তোলা অনুষ্ঠানে বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীসকলৰ সামাজিক, সাংস্কৃৃতিক সকলো দিশতেই নতুনত্বৰ সঞ্চাৰ কৰিব।

অংকুৰ শ্ৰেণী আৰু প্ৰাক প্ৰথমিক শ্ৰেণীৰ একোটাকৈ অনুষ্ঠানৰ পাছতেই পৰিচালনা সমিতিৰ বক্তব্য আগবঢ়াই অসম জাতীয় বিদ্যালয় ন্যাসৰ সচিব ড০ নাৰায়ণ শৰ্মাই। ড০ শৰ্মাই কণ কণ শিশুসকলক উদ্দেশ্যি কয় যে- সকলো বিদ্যালয়ৰ ৰূপালী জয়ন্তীত বিভিন্ন ধৰণৰ জ্যেষ্ঠসকলৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয়। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মাকৰ কোলাত তথা হাতত ধৰি অনুষ্ঠানসমূহত উপস্থিত থাকে। কিন্তু অসম জাতীয় বিদ্যালয় এই ক্ষেত্ৰত ব্যতিক্ৰম। শিশুৰ সৰ্বতোপ্ৰকাৰৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়েই কণ কণ শিশুসকলকো সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এখন মঞ্চ দিলে অসম জাতীয় বিদ্যালয়ে।

শিশুসকলে নিজস্ব চিন্তাধাৰা তথা কৰ্মোদ্যমেৰে কোনো কাম সম্পাদন কৰিলে সেই কামে তেওঁলোকক দুগুন উৎসাহেৰে আগবাঢ়ি যাবলৈ সহায় কৰে বুলি কৈ ড০ শৰ্মাই কয় যে আনুষ্ঠানিক শিক্ষাৰ লগতে শিশুক এটা সতেজ মন দিবৰ বাবে খেলা-ধূলাৰ মাজেৰেও যে শিক্ষা দিব পাৰি সেই কথাত সকলোৱে গুৰুত্ব দিব লাগে। নতুনকৈ বিদ্যালয়খনৰ সৈতে জড়িত হোৱা অংকুৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও এনে অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ শিশু মনটোক বিদ্যালয়ৰ শৈক্ষিক তথা সামাজিক দিশটোেৰে পৰিচয় কৰাই দিয়ে। লগতে সচিব গৰাকীয়ে কয়, বছৰেকীয়া পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰূপালী জয়ন্তীৰ গীত মাতৰ অনুষ্ঠান কিছুদিনৰ পূৰ্বেই অনুষ্ঠিত কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ দিনতো হোলী গীত, মহোহো ইত্যাদিসমূহ পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ এই ক্ষণত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ প্ৰতিভাৰে এনে পৰম্পৰাসমূহ তুলি ধৰাৰ প্ৰয়াস কৰে।

পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আদিপাঠ শীৰ্ষক এখন নাটক মঞ্চস্থ কৰে। কবিতা দত্ত গোস্বামীয়ে ৰচনা কৰা নাটকখনৰ পৰিচালনা তথা পৰিকল্পনা মালা গোস্বামীৰ। শিক্ষা আৰু শিশু মনৰ মাজত শিক্ষা কিমান প্ৰয়োজনীয় সেই বিষয়ে ফুটাই তোলা হয় নাটকখনৰ যোগেদি।

উল্লেখ্য যে, দেওবাৰৰ অনুষ্ঠানত তৃতীয় শ্ৰেণীৰ ছাত্ৰ মেধাজ্যোতি নাথে সদ্য প্ৰয়াত সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰক সোঁৱৰণ কৰি তেখেতৰ কণ্ঠৰ এটি গীত পৰিৱেশন কৰে। বিদ্যালয়খনৰ ইংৰাজী বিভাগৰ শিক্ষক জয়ন্ত ডেকাৰ তত্বাবধানত অনুষ্ঠিত হোৱা দেওবাৰৰ অনুষ্ঠানসমূহৰ আঁত ধৰে বিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ শিক্ষয়ত্ৰী অপৰ্ণা দেৱী আৰু অসমীয়া বিভাগৰ শিক্ষক ভাস্কৰজ্যোতি হালৈয়ে।

অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু অসম জাতীয় বিদ্যালয়ৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান আনতকৈ সুকীয়া। যি লক্ষ্য আৰু উদ্দেশ্যৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলে, সেই ক্ষেত্ৰত বিদ্যালয়খন সফল হ'ল বুলি ক'লেও বেছি কোৱা লহ'ব। কণ কণ ছাত্ৰ-ছাত্ৰীয়ে গালে স্বচ্ছতাৰ গান।

অসম জাতীয় বিদ্যালয়ৰ বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানেই ব্যতিক্ৰম। এই কথা প্ৰমাণ কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতাই। শিশু সকলৰ চিন্তা পৃথক। যি দেশে তাকে শিকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে মঞ্চস্থ কৰা আদিপাঠ শীর্ষক নাটকখনত বিদ্যালয়লৈ নগৈ অ'ত- ত'ত ঘূৰি ফুৰা কেইজনমান ছাত্ৰৰ জীৱনৰ ছবি দাঙি ধৰা হৈছিল।

আনহাতে তেওঁলোকৰ কেইজনমান বন্ধু-বান্ধৱী বিদ্যালয়লৈ গৈছিল। বিদ্যালয়লৈ নোযোৱা শিশু কেইজনে অৰণ্যৰ বিভিন্ন জীৱ জন্তুৰ সৈতে বাৰ্তালাপ কৰিছিল। জনাইছিল বিদ্যালয়লৈ নোযোৱাৰ কথা। অৱশেষত তেওঁলোকেও বুজি পালে। সকলোৱে সংকল্প ল'লে বিদ্যালয়লৈ যোৱাৰ। এয়া নাটকৰ শেষৰ দৃশ্য-

শিক্ষা এনেকুৱাই যাৰ পৰিসৰ নাই। শিক্ষক সেইসকলে যি সকলো ত্যাগ কৰি ছাত্র- ছাত্ৰীৰ জীৱন গঢ়াত মগ্ন হয়। প্ৰকৃত শিক্ষা সেয়াই যি ছাত্ৰ-ছাত্ৰীক সৰ্বতোপ্ৰকাৰে প্ৰস্তুত কৰি তোলে।