গুৱাহাটী

কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মহানগৰীৰ বিপাশা কাশ্যপৰ কৃতিত্ব

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদ্যঘোষিত কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত হাতীগড় চাৰিআলিৰ নিবাসী বিপাশা কাশ্যপে সমাজবিদ্যা বিষয়ত এশ নম্বৰ লাভ কৰাৰ লগতে শতকৰা ৯৫.৪ নম্বৰ লাভ কৰি নাৰেংগী আৰ্মি স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়ৰ অন্যতম শীৰ্ষ স্থানত থকা বিপাশাৰ এই সাফল্যত বিদ্যালয় কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিশেষ ভাৱে পুৰস্কৃত কৰাৰ কথা সদৰি কৰিছে।

শৈশৱৰ পৰাই তীক্ষ্ণ মেধাৱী বিপাশাই ৰাজ্যৰ বাহিৰত কেবাটাও প্ৰকল্পও উপস্থাপন কৰিছে। বিপাশা নলবাৰীৰ উৎপল শৰ্মা আৰু গীতিকা শৰ্মাৰ কনিষ্ঠ কন্যা সন্তান।