গুৱাহাটী

ব্যৰ্থ হৈছে অসম চৰকাৰ: মহানগৰীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেওবাৰে মহানগৰীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল । ৰাজ্যৰ কেইবাটাও সমস্যাৰ ওপৰত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, মুখ্য সচিব অনুপম শইকীয়া আৰু সহকাৰী সচিব আকাশবীৰ শইকীয়া, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈৰ উপস্থিতিত এই সংবাদমেলৰ আয়োজন কৰা হয়।

ৰাজ্যত সাম্প্ৰতিত সময়ত মাছত ফৰমেলিন ব্যৱহাৰ কৰি গ্ৰাহকক বৰবিহ খুওৱা কাৰ্যক সমালোচনা কৰে অসমীয়া যুৱ মঞ্চই। বৰ্তমানেও মুকলি ভাবে ফৰমেলিন যুক্ত মাছ বজাৰত বিক্ৰী কৰি থকা স্বতেও ৰাজ্যৰ প্ৰশাসনে এই ৰোধ কৰিব নোৱৰা কাৰ্যক তিক্ষ্ণ সমালোচনা মঞ্চখনৰ।

তদুপৰি মঞ্চখনে ৰংঘৰৰ স্বাভিমানত আঘাত সানি তাত লেজাৰ লাইটৰ সহযোগত ধৰ্মীয় প্ৰলেপ সনা কাৰ্যক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। ইয়াৰ সমান্তৰাল ভাবে উজনি অসমত মুকলি কৈ চলি অহা কয়লাৰ চিণ্ডিকেটক বৰ্তমানেও চৰকাৰে কাণসাৰ নিদিয়া কাৰ্যকো সমালোচনা কৰে অসমীয়া যুৱ মঞ্চই। নেতাৰ অঙহী-বঙহীয়ে কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ পৰাৰ বাবেই এই কথাক চৰকাৰে আওকাণ কৰা বুলি মত পোষণ কৰে মঞ্চৰ নেতা কেইগৰাকীয়ে।

উল্লেখ্য যে, মঞ্চখনে শেহতীয়াকৈ চৰাইদেউ জিলাৰ মাহমৰাত ঠিকাদাৰে এজনে যুৱকক জল-জীৱন মিচনৰ কাম-কাজক লৈ প্ৰশ্ন কৰাত চৰ সোধোৱা কাৰ্যত ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়।