গুৱাহাটী

অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তিনিজনীয়া নিৰ্বাচনী সমিতিৰ দায়িত্ব গ্ৰহণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ সমাগত ২০২০-২২ বৰ্ষৰ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই মঙলবাৰে মুখ্য নিৰ্বাচনী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ড০ মহেন্দ্ৰ বৰা সভাকক্ষত সভাপতি ড০ পৰমানন্দ ৰাজবংশী ৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত ন্যায়াধীশগৰাকীয়ে আনুষ্ঠানিকভাৱে এই দায়িত্বগ্ৰহণ কৰে। মঙলবাৰে এক সংবাদ বিজ্ঞাপ্তিযোগে এই কথা ৰাজহুৱা কৰিছে অসম সাহিত্য সবাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

সাহিত্য সভাৰ এই বিজ্ঞাপ্তিটোত উল্লেখ কৰা অনুসৰি, মঙলবাৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন দুগৰাকী জ্যেষ্ঠ অধিবক্তা সিংহেশ্বৰ প্ৰসাদ ৰায় আৰু বিজন মহাজনে নিৰ্বাচনীসমিতিৰ বিষয়ববীয়া হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বগ্ৰহণ কৰে। সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াত নিৰ্বাচনী সমিতিখনক সহায় কৰিব আন চাৰিগৰাকী অধিবক্তা ক্ৰমে ড০ ননীগোপাল গোস্বামী, জয়ন্ত দেৱ শৰ্মা, অঞ্জনজ্যোতি বৈশ্য আৰু কৌস্তভ গগৈয়ে। মঙলবাৰৰ এই বৈঠকখনতে সহযোগী সকলৰ হৈ অধিবক্তা ড০ ননীগোপাল গোস্বামীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে।

বৈঠকৰ আৰম্ভণিতে অসম সাহিত্য সভাই আটাইকেইজন বিষয়ববীয়াকে ফুলাম গামোছা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনোৱা হয়। বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। সভাৰ ফালৰ পৰা সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিক বক্তব্য দাঙি ধৰি কয় যে, অসম সাহিত্য সভাৰ সংবিধানত এগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত নিৰ্বাচনী সমিতি গঠন কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বিধি সন্নিৱিষ্ট কৰা হৈছে। সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী সন্মানীয় প্ৰাক্তন ন্যায়াধীশৰ ওপৰত এই দায়িত্ব ন্যস্ত কৰা হৈছে। এই নিৰ্বাচনী সমিতিখনে ২০২০-২২ বৰ্ষৰ নিৰ্বাচন অতি সুকলমে পৰিচালনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

দায়িত্ব গ্ৰহণ কৰি মু্খ্য নিৰ্বাচনী বিষয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই সমাগত নিৰ্বাচন সকলোধৰণে নিকা আৰু পৰিষ্কাৰভাৱে সম্পন্ন কৰিবলৈ দৃঢ়সংকল্পৱদ্ধ বুলি কোৱাৰ লগতে সভাৰ সভাপতি, প্ৰধান সম্পাদক সমন্বিতে আটাইৰে সহায়-সহযোগ কামনা কৰে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ ইতিহাসত ইয়াৰ পূৰ্বে কোনো নিৰ্বাচনত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক এনে দায়িত্ব অৰ্পণ কৰা হোৱা নাছিল।