গুৱাহাটী

ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনাৰ আধাৰত আধুনিক আৰু সাধাৰণ শিক্ষাৰ ওপৰত মাদ্ৰাছা-টোলে পাঠদান কৰি আহিছেঃ অসম মাদ্ৰাছা সমন্বয়ৰক্ষী সমিতি

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ কথা কোৱা শিক্ষামন্ত্ৰীৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম মাদ্ৰাছা সমন্বয়ৰক্ষী সমিতিয়ে। তেওঁলোকে অতীজৰে পৰা নিৰৱিচিন্নভাৱে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনাৰ আধাৰত আধুনিক শিক্ষা আৰু সাধাৰণ শিক্ষাৰ ওপৰত মাদ্ৰাছা আৰু টোলসমূহে পাঠদান কৰি আহিছে বুলি মন্তব্য কৰে।

সমন্বয়ৰক্ষী সমিতিয়ে কয়, মাদ্ৰাছা আৰু টোলৰ পৰীক্ষাসমূহো ৰাজ্যিক মাদ্ৰাছা শিক্ষা বোৰ্ড আৰু সংস্কৃত বোৰ্ডৰ দ্বাৰাই অনুষ্ঠিত হৈ আহিছে। চৰকাৰৰ এনে সিদ্ধান্তত মাদ্ৰাছা আৰু টোলৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু এলেকাধীন জনসাধাৰণ মৰ্মাহত হৈ আহিছে বুলি মন্তব্য কৰে। তেওঁলোকে চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে দাবী জনায়।