গুৱাহাটী

পশ্চিমৰ ৩ ৰাষ্ট্ৰত বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ কৌস্তভ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ফিনলেণ্ড আৰু ইটালীত অনুষ্ঠিত হ'বলগীয়া ৩১ সংখ্যক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কনক্লেভলৈ আমন্ত্ৰিত হৈছে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ কৌস্তভ বি আৰ্য। ১৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই কনক্লেভত নিজৰ উদ্ভাৱনক লৈ বক্তৃতা প্ৰদান কৰিব ছাত্ৰগৰাকীয়ে।

ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত গুগলৰ মুখ্য কাৰ্যালয়লৈকো গৱেষক হিচাপে আমন্ত্ৰণ লাভ কৰিছে ছাত্ৰগৰাকীয়ে। নৱেম্বৰ মাহত আমেৰিকালৈ ৰাওনা হ'ব জাতীয় বিদ্যালয়ৰ ছাত্ৰগৰাকী।

নৱম শ্ৰেণীত অধ্যায়নৰত অৱস্থাতে ছাত্ৰগৰাকীয়ে বিদেশৰ অনুষ্ঠানত ভাগ ল'বলৈ আমন্ত্ৰণ লাভ কৰাত স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। প্ৰতিভাৱান কৌস্তভ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ'চাৰ্জাৰী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ বসন্ত কুমাৰ বৈশ্যৰ পুত্ৰ।