গুৱাহাটী

সোণাপুৰত ১২০০ কেচ অৰুণাচলী সুৰা জব্দ

asomiyapratidin

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত সোণাপুৰত এখন ট্ৰাকত অভিযান চলাই জব্দ কৰা হৈছে ১২০০ কেচ অৰুণাচলী সুৰা। আৰক্ষী আৰু আবকাৰী বিভাগে এই অভিযান চলাইছিল।

দেওবাৰে নিশা চলোৱা অভিযানত সুৰাসহ জব্দ কৰা ট্ৰাকখনৰ নম্বৰ UP78-BN-7833। লক্ষণীয় যে, অৰুণাচলৰ সুৰাৰে অসমৰ বিভিন্ন স্থানত একাংশ অসাধু লোকে ৰমৰমীয়া বেহা গঢ়ি তুলিছে।

অৰুণাচলৰ সীমান্তৱৰ্তী গহপুৰত এই সুৰা চক্ৰ অধিক সক্ৰিয়। প্ৰায় প্ৰতিদিনেই আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযানত সেই অঞ্চলত অৰুণাচলৰ সুৰা জব্দ কৰাটো সাধাৰণ ঘটনা হৈ পৰিছে।

ইফালে, ৰাজহুৱা স্থানত সুৰা সেৱন কৰাৰ বিৰুদ্ধে আৰু অধিক কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে আবকাৰী বিভাগে। বিশেষকৈ গুৱাহাটীত আবকাৰী বিভাগে নিতৌ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে।