গুৱাহাটী

আছাম লিগেল ছাৰ্ভিছেচ অথৰিটি আৰু ‘আৰণ্যক’ৰ উদ্যোগত মহানগৰীৰ চিৰিয়াখানাত মাস্ক বিতৰণ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোৰোনা অতিমাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা জটিল পৰিস্থিতিয়ে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰিছে। বিশ্বৰ প্ৰায়বোৰ দেশতে মানৱসমাজক আৱদ্ধ কৰি ৰখাৰ মাজতো জৰুৰী কামবোৰ মানুহে চলাই নিবলৈ যত্নপৰ হৈছে। এতিয়া এই অতি সংক্ৰামক ভাইৰাছবিধৰ সমান্তৰালভাৱে দৈনন্দিন কামবোৰ চলাই নিবলৈ পৰস্পৰে সহযোগিতাৰ মনোবৃত্তিৰে আগবাঢ়ি যোৱাটেই উত্তম বুলি বিবেচিত হৈছে।

এই দৃষ্টিভংগীকেই আগত ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী বেচৰকাৰী সংগঠন 'আৰণ্যক'ৰ তৰফৰ পৰা সামৰ্থ্য অনুসৰি ভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা লৈছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে 'আছাম লিগেল ছাৰ্ভিছেচ অথৰিটি' আৰু 'আৰণ্যক' ৰ যুটীয়া উদ্যোগত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ ৫০০ কাপোৰৰ মাস্ক প্ৰদান কৰা হয়। সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনানুষ্ঠানিকভাৱে অনুষ্ঠিত এক অনুষ্ঠানত চিৰিয়াখানাৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হাতত থলুৱাভাৱে প্ৰস্তুত কৰা এই মাস্কসমূহ অৰ্পণ কৰা হয়।

অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আছাম লিগেল ছাৰ্ভিছ অথৰিটিৰ কাৰ্যনিৰ্বাহক অধ্যক্ষৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কতিস্বৰ সিঙে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। এই অনুষ্ঠানত 'আছাম লিগেল ছাৰ্ভিছ অথৰিটি'ৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱা, ডিএফ অ' টেজছ মৰিস্বামী, আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰ লগতে মানস ভট্টাচাৰ্য আৰু জয়ন্ত পাঠক উপস্থিত থাকে।

লগতে জিলা আৰু সত্ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়া, এদিজে মল্লিকা দত্ত, এ এছ এল এছ এ ৰ উপসঞ্চালক, ত্ৰিপ্তী আৰি আৰু আন্দাৰ চেক্ৰেটেৰী আয়ুশ্ৰী শ্ৰবনো এই অনুষ্ঠানত উপস্থিত থাকে। এই সভাত 'আছাম লিগেল ছাৰ্ভিছ অথৰিটি'ৰ বিষয়া সকলে বন বিষয়া সকলে বন্যপ্ৰাণী সুৰক্ষা প্ৰদানত আইনগত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বুজ লয়।