আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব এছ আই টিৰ সন্মুখতঃ হঠাৎ স্তিমিত হৈছে তদন্ত প্ৰক্ৰিয়া !
আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব এছ আই টিৰ সন্মুখতঃ হঠাৎ স্তিমিত হৈছে তদন্ত প্ৰক্ৰিয়া ! 
গুৱাহাটী

আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব এছ আই টিৰ সন্মুখতঃ হঠাৎ স্তিমিত হৈছে তদন্ত প্ৰক্ৰিয়া !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হঠাৎ থমকি ৰৈছে নেকি অসম লোক সেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ তদন্ত? তদন্তৰ নামত এতিয়া কেৱল 'আহিছে মানুহ, গৈছে মানুহ'ৰ দৰে এক পৰিৱেশৰহে সূচনা হৈছে। মঙ্গলবাৰে বিশেষ তদন্তকাৰী গোটৰ সন্মুখত পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে দুগৰাকী ৰাজপত্ৰিত বিষয়াক।

ইয়াৰ লগে লগে এছ আই টিৰ সন্মুখত হাজিৰ হোৱা ৰজপত্ৰিত বিষয়াৰ সংখ্যা বৃদ্ধি হ'বগৈ ২২ জনলৈ। এই পৰ্যন্ত এছ আই টিয়ে ২০ জন ৰাজপত্ৰিত বিষয়াক সোধা-পোছা কৰিছে।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মাত্ৰ ৫ জনকহে গ্ৰেপ্তাৰ কৰি বাকী আটাইকে যাবলৈ দিয়া হৈছে। অথচ এই আটাইৰে বিৰুদ্ধে উত্থাপিত অভিযোগৰ তথ্য, প্ৰমাণ আছে। বিপ্লৱ শৰ্মা আয়োগে এই আটাইবোৰ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ তথ্য, প্ৰমাণ দাখিল কৰি থৈছে।

মঙ্গলবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'ব বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হোৱা নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা। ইয়াৰে নন্দিনী কাকতিৰ দুখনকৈ বহী লাভ কৰা হোৱা নাই বুলি জানিব পৰাৰ লগতে চক্ৰধৰ ডেকাক আকৌ নম্বৰ বঢ়াই দি পৰীক্ষাত উত্তীৰ্ণ কৰোৱা হৈছিল।

এনেদৰে বক্ৰপথেৰে চাকৰি লোৱাৰ পাছতো এইসকল বিষয়াক এছ আই টিয়ে কেৱল সোধ-পোছ কৰিয়েই এৰি দিয়ে নে গ্ৰেপ্তাৰ কৰে সেয়া লক্ষ্যণীয় হ'ব। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ গতিবিধিলৈ চাই কেৱল নিয়ম মাফিক তদন্তৰ বাবেহে যে তেওঁলোকক হাজিৰ হ'বলৈ কোৱা হৈছে সেই কথা সাধাৰণ ৰাইজেও বুজি পাইছে।

চৰ্চা অনুসৰি এই সমগ্ৰ বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িলেই বহু ক্ষমতাশালী ব্যক্তিৰো মুখা খোল খোৱাৰ ভয়তে তদন্ত প্ৰক্ৰিয়া এইদৰে স্তিমিত হৈছে।