গুৱাহাটী

দিছপুৰ থানাই জবানবন্দী লৈ যাবলৈ দিলে অনুপ চেতিয়াক

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ আৰক্ষীৰ হুকুম মানি শনিবাৰে দিছপুৰ থানাত উপস্থিত হ'ল খিলঞ্জীয়া মঞ্চ তথা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা প্ৰতিবাদৰ মাজতেই এনেদৰে দুই আলফা নেতা আৰক্ষী থানাত উপস্থিত হ'বলগীয়া হোৱা বিশয়টোৱে লাভ কৰিছে চৰ্চা৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৬ জানুৱাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে৷

প্ৰতিবাদ সাব্যস্ত কৰা স্থানৰ পৰা একাংশ লোক খিলঞ্জীয়া মঞ্চৰ কাৰ্যালয়ত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল আৰক্ষীয়ে৷ তাৰ পিছতেই খিলঞ্জীয়া মঞ্চৰ কোনো লোকে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যালয়ত আক্ৰমণ চলোৱা বুলি সন্দেহ কৰি আৰক্ষীয়ে মৃণাল হাজৰিকা আৰু অনুপ চেতিয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল৷ গোচৰৰ জৰিয়তে শনিবাৰৰ ভিতৰত দুই আলফা নেতাকে দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল৷ সেই অনুসৰিয়েই শনিবাৰে দুই আলফা নেতা উপস্থিত হয়গৈ দিছপুৰ আৰক্ষী থানাত৷

আৰক্ষীয়ে দুয়োজন নেতাৰ পৰা জবানবন্দী লৈ তেওঁলোকক থানাৰ পৰা আহিবলৈ দিয়ে৷ সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰি আলফা নেতা অনুপ চেতিয়াই কয় যে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত একাংশ লোক প্ৰতিবাদস্থলীৰ পৰা গৈ খিলঞ্জীয়া মঞ্চৰ কাৰ্যালয়ত সোমাইছিলগৈ৷ তেওঁ ইয়াকো কয় যে খিলঞ্জীয়া মঞ্চৰ কাৰ্যালয়লৈ সকলো খিলঞ্জীয়া লোকেই যাব পাৰে৷ যাৰ বাবে উক্ত দিনা প্ৰতিবাদকাৰীসকল খিলঞ্জীয়া মঞ্চৰ কাৰ্যালয়ত সোমোৱাৰ কথা তেওঁ স্বীকাৰ কৰে৷ তাৰ পিছতেই আৰক্ষীয়ে তেওঁলোকক যাবলৈ দিয়ে৷

ইফালে কেন্দ্ৰীয় চৰকাৰৰে আলফাৰ আলোচনা ব্যৰ্থ হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুপ চেতিয়াই মন্তব্য কৰে যে বৰ্তমানলৈকে তেনে ধৰণৰ কোনো খবৰ অহা নাই৷ তেওঁ লগতে কয় যে শনিবাৰেও মধ্যস্থতাকাৰীয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল৷ অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে তেওঁলোকে কি স্থিতি লয় সেই সম্পৰ্কত বৰ্তমান সিদ্ধান্ত গ্ৰহণ কৰা নাই৷