গুৱাহাটী

মেলবৰ্ণত অংকুৰণ দত্ত, মহম্মদ শ্বাহিদ উল্লাহৰ গৱেষণামূলক গ্ৰন্থ উন্মোচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্ত আৰু চতগাঁৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক মহম্মদ শ্বাহিদ উল্লাহৰ আন এক নতুন সৃষ্টি। চুবুৰীয়া দেশ বাংলাদেশৰ সামুদায়িক ৰেডিঅ' আন্দোলনৰ ওপৰত ভিত্তি কৰি দুয়োজন অধ্যাপকৰ ' Invisible Waves, Visible Changes: Community Radio Movement in Bangladesh' নামৰ গ্ৰন্থখন যোৱা ৭ জুন উন্মোচন কৰা হয়। সুদুৰ মেলবৰ্ণৰ ডীকিন বিশ্ববিদ্যালয়ত গ্ৰন্থখনৰ উন্মোচনী সভাত দেশ-বিদেশৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

গ্ৰন্থখনত বাংলাদেশৰ সামুদায়িক ৰেডিঅ' আন্দোলনক লৈ লিখা ১৫ টা গৱেষণামূলক প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে। দুই অধ্যাপকৰ এই গ্ৰন্থখনৰ প্ৰকাশক গুৱাহাটীৰ এ আৰ এম টি চাউথ এচিয়া পাব্লিকেচন।

গ্ৰন্থখনৰ উন্মোচনী সভাত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনোদ পৱাৰলাই কয় ' বাংলাদেশৰ সামুদায়িক ৰেডিঅ' আন্দোলনৰ ওপৰত ভিত্তি কৰি লিখা এই খনেই হৈছে প্ৰথমখন গ্ৰন্থ'। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য মৃদুল হাজৰিকাই গ্ৰন্থখনক লৈ কয় ' প্ৰতিদিনেই আমাৰ দেশখন পৰিৱৰ্তন হৈছে আৰু এনে পৰিৱৰ্তনে সৃষ্টি কৰে অনেক আকৰ্ষণীয় কাহিনী। সেই কাহিনী বা ঘটনাবোৰক আমি আওকাণ কৰিব নোৱাৰো। এই গ্ৰন্থখনে আমি আওকাণ কৰা সামুদায়িক ৰেডিঅ' আন্দোলনক অতি দৃঢ় আৰু পুংখানুপুংখভাৱে আলোচনা আগবঢ়াইছে।'

উন্মোচনী সভাত অংকুৰণ দত্তই কয় যে' এই গ্ৰন্থখন লিখিবলৈ বাংলাদেশৰ ৰেডিঅ' আন্দোলনৰ সকলো নথি-পত্ৰ সংগ্ৰহ কৰি এক দস্তাবেজ প্ৰস্তুত কৰিবলৈ প্ৰায় ৫ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।