গুৱাহাটী

৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ বৈঠকত অংশ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে..

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ এন আৰ চি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ কৰ্তৃপক্ষই ৰবিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দিনৰ ২:৪৫ বজাত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে দিনৰ ১১:৪৫ বজাতে গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

বিমানবন্দৰত উপস্থিতিৰ পিছত ৰাষ্ট্ৰীয় সভাপতি গৰাকীক আদৰণি জনায় নেডাৰ আহ্বায়ক ড ৹ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । তাৰ পিছতে কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে অসম প্ৰশাসনিক পদাধিকাৰী আইন মহাবিদ্যালয়ত অনুষ্ঠিত ৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ সন্মিলনত উপস্থিত হয়।

https://www.facebook.com/AmitShah.Official/videos/1642786882521191/

এই বৈঠকত উত্তৰ পূবৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱালৰ উপৰি উত্তৰ পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে আৰক্ষীৰ সঞ্চালকপ্ৰধানকে ধৰি সাংসদসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ।

আনহাতে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ পুৱা ৯ বজাত কামাখ্যা মন্দিৰ দৰ্শনেৰে কলাক্ষেত্ৰত নেডাৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিছে।