গুৱাহাটী

অখিল গগৈৰ সংবাদমেল LIVE

asomiyapratidin

দিনৰ ১২.৪৬ বজাতঃ অগপকো সমালোচনা অখিলৰ। এই বিধেয়ক গৃহীত হ'ব বুলি কোৱা পাছতো মাত নামাতিলে অতুল বৰা আৰু প্ৰফুল্ল মহন্তই। অগপক কৃষক মুক্তিৰ আহ্বান- শীঘ্ৰে কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি চৰকাৰৰ পৰা ওলাই আহক। বৃন্দাবন গোস্বামী আৰু পবিন্দ্ৰ ডেকাক স্থিতি স্পষ্ট কৰাৰ দাবী।

দিনৰ ১২.৩৯ বজাতঃ আপোনাক মানুহে গণশত্ৰু ক'ব নে জাতীয় নায়ক ক'ব? আপুনি কি পক্ষ লয়?

দিনৰ ১২.৩৬ বজাতঃ মুখ্যমন্ত্ৰী মহোদয় আপুনি ছহিদৰ পৰিয়ালক ৫ লাখকৈ টকা দিছিল ভাল কথা। আৰ্চিভ বনাইছে ভাল কথা।  ৮৫৫জন ছহিদৰ ত্যাগত বিশ্বাসঘাতক কৰিছে নেকি অসমৰ ৰাইজে জানিব খোজে।

দিনৰ ১২.৩৪ বজাতঃ দিল্লী আৰু নাগপুৰত ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী ৰূপে আপোনাৰ গ্ৰহণযোগ্যতা কিমান বুলি মন্তব্য অখিলৰ।

দিনৰ ১২.৩২ বজাতঃ অখিলে সুধিছে মুখ্যমন্ত্ৰীক- আপুনি কাৰ পক্ষত? অসমৰ ৰাইজ নে দলৰ পক্ষত?

দিনৰ ১২.৩১ বজাতঃ ১কোটি ৯০ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব নেকি বুলি মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশ্ন অখিলৰ।

দিনৰ ১২.২৯ বজাতঃ সকলো বিদেশীক বাহিৰ কৰাৰ কথা আছিল। অসমৰ স্বাৰ্থ বিঘ্নিত নকৰো বুলি আপুনিয়ে কৈছিল।

দিনৰ ১২.২৫ বজাতঃ বিজেপিৰ সকলোৰে নাম-চদ্মনাম জানে ৰাম মাধৱে। তেওঁ ক'লে- এই আইন গৃহীত কৰিবই। কোনো ৰখাব নোৱাৰে। মুখ্যমন্ত্ৰীক প্ৰশ্ন অখিলৰ- আপোনাৰ স্থিতি কি? আপুনি আছুৰ লগত জড়িত আছিল। বৰাক-ব্ৰহ্মপুত্ৰৰ মানুহৰ কথা কয়। এতিয়া আপোনাৰ অসম চুক্তি সন্দৰ্ভত স্থিতি কি? আপোনালোকৰ ভিজন ডকিউমেণ্টত আছিল অসমচুক্তি ৰূপায়ন কৰাৰ কথা।

দিনৰ ১২.২৪ বজাতঃ মুখ্যমন্ত্ৰীয়ে কৈছিল- সংসদীয় যুটীয়া সমিতি আকৌ আহিব। কিন্তু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তই হ'ল, জে পি চি নাহিল।

দিনৰ ১২.২৩ বজাতঃ অখিলৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক- আপুনি কেৱল গাদীৰ বাবেই সকলো বিসৰ্জন দিব নেকি?

দিনৰ ১২.২১ বজাতঃ মুখ্যমন্ত্ৰীয় কৈছিল- এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ'লেই নাগৰিক সংশোধনী বিধেয়কৰ স্থিতি স্পষ্ট কৰিব, কিন্তু নকৰিলে।

 দিনৰ ১২.১৯ বজাতঃ নিৰ্মলা সীতাৰামানেও কৈছে- অমিত শ্বাহে সিদ্ধান্ত লোৱা বুলি।

দিনৰ ১২.১৭ বজাতঃ বাংলাদেশ, পাকিস্তানৰ পৰা হিন্দু, শিখ আদি মানুহক শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়াৰ কথা কৈছে বিজেপিয়ে। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত আছিল সোণোৱাল। তেওঁৰ সন্মুখতেই অমিত শ্বাহে ভাষণ দিছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি ঘোষণা কৰিছিল।

 দিনৰ ১২.১৫ বজাতঃ 'অসমীয়া প্ৰতিদিন' কাকতত প্ৰকাশিত বিজেপি কাৰ্যনিৰ্বাহকৰ বাতৰি পঢ়ি শুনালে অখিলে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰেছ ৰিলিজ দেখুৱালে সাংবাদিকক।

 দিনৰ ১২.১৪ বজাতঃ সম্পাদকসকল আবেগিক হৈছিল। মুখ্যমন্ত্ৰীক সকলোৱে ভাল পাইছিল। সন্মান জনাইছিল। চকুৰে চকুলো বাগৰিছিল।

 দিনৰ ১২.১৩ বজাতঃ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি হ'ল। বিজেপি কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়কত এই স্থিতি স্পষ্ট কৰিলে অমিত শ্বাহে। ১২ মে', ২০১৮ত সম্পাদক সকলৰ সৈতে ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত মুখ্যমন্ত্ৰীৰে সাক্ষাৎ হৈছিল। অসমৰ মানুহৰ স্বাৰ্থ বিঘ্নিত হোৱা কাম নকৰো বুলি।

 দিনৰ ১২.১২ বজাতঃ অখিল গগৈৰ সংবাদমেল আৰম্ভ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অখিলৰ সংবাদমেল।