গুৱাহাটী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাংলাদেশৰ নাম কৰ্তন হ’লেও সুৰক্ষিত নহয় অসমীয়াঃ অখিল গগৈ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ পৰা বাংলাদেশৰ নাম কৰ্তন কৰাৰ বিষয়ক লৈ অসমবাসী উৎফুল্লিত হোৱাৰ প্ৰয়োজন নাই৷ বাংলাদেশৰ নামটো বিধেয়কখনৰ পৰা আঁতৰাই দিলেও বিধেয়কখনত থাকিব পাৰে পাকিস্তান বা আফগানিস্তানৰ নাম৷ দেওবাৰে কৃষক নেতা অখিল গগৈয়ে এখন সংবাদমেল যোগে এই কথা সদৰী কৰে৷ তেওঁ কয় যে- বিধেয়কখনৰ প্ৰসংগত বাংলাদেশকলৈ হে শংকিত ৰাজ্যবাসী৷ আফগানিস্তান বা পাকিস্তানৰ প্ৰসংগক লৈ শংকিত নহয়৷

জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি অখিল গগৈয়ে কয় যে- বাংলাদেশৰ নামটো বিধেয়কৰ পৰা আঁতৰালেও নিৰাপদ নহ'ব অসমবাসী৷ ইয়াৰ কাৰণ বৰ্ণনা কৰি কৃষক নেতাজনে কয়- ২০১৫ চনৰ ৭ চেপ্তেম্বৰত দুখন নিৰ্দেশনা জাৰি কৰি চৰকাৰে ইতিমধ্যে ভাৰত বা অসমত প্ৰৱেশ কৰা বহু মানুহক কিছু অধিকাৰ প্ৰদান কৰিছে৷ বাংলাদেশৰ নাম কৰ্তন কৰিলেও ৭ চেপ্তেম্বৰৰ নিৰ্দেশনাখনৰ বাংলাদেশৰ ক্ষেত্ৰত নিৰ্দেশ আৰু নিয়ম কৰ্তন নহ'লে ভাৰতত ১১ বছৰ বাস কৰা যিকোনো লোকেই নাগৰিকত্ব লাভ কৰিব৷ গতিকে পাছপ'ৰ্ট সম্পৰ্কীয় বিধি জাননী বাতিল নহ'লে অসুবিধাৰ সন্মুখীন হ'ব অসমীয়া জাতি।

ডিচেম্বৰ মাহৰ শেষৰ ফালে বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি কৃষক নেতাজনে কয় যে সময় কম হোৱাৰ বাবে বিধেয়কখন গৃহীত কৰাত অসুবিধাৰ সন্মুখীন হ'ব জেপিচি৷ সংসদত যদি যুটীয়া সংসদীয় কমিটিয়ে বিধেয়কখন গ্ৰহণ কৰা বুলি ঘোষণা কৰে তেন্তে আইনত পৰিণত হ'ব বিধেয়কখন। বিভিন্ন যুক্তি দৰ্শাই কৃষক নেতাজনে কয় যে- গণতন্ত্ৰক ৰক্ষা, সংবিধান ৰক্ষা কৰা আৰু অসমীয়া জাতিক ৰক্ষা কৰাৰ স্বাৰ্থতে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিছে।

ইফালে সংবাদমেলখনত অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতেই মানি লোৱা নহ'ব দাবী উত্থাপন কৰে। অসমীয়া জাতিৰ তথা অসমবাসীৰ অস্তিত্ব বিপদাপন্ন কৰিব পৰা কোনো কামতে ৰাজ্য চৰকাৰক আগভাগ নল'বলৈ আহ্বান জনায় কৃষক নেতাজনে। চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি সদাপ্ৰস্তুত বুলিও কয় অখিল গগৈয়ে।