অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন 
গুৱাহাটী

গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তিশালী ৰূপত টঙালী বান্ধিছে অসম গণ পৰিষদ দলে । শনিবাৰে গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত চাৰি হেজাৰৰো অধিক কৰ্মকৰ্তাৰ উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টি কেন্দ্ৰিক এক বিশাল কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয় ।

দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্ম-কৰ্তা সন্মিলনত আদৰণি বক্তব্য ৰাখে সাধাৰণ সম্পাদক মনোজ শইকীয়াই । সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ।

সভাত সভাপতি অতুল বৰাই দলীয় সদস্যসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি তৃণমূল পৰ্য্যায়ৰ পৰা সৰ্বস্তৰতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাবলৈ আহ্বান জনায় । সভাপতি বৰাই কয় যে, অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত নিৰ্বাচনী মিত্ৰতা অব্যাহত ৰাখি লোক সভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ।

ৰাজ্যখনৰ চৈধ্যটা লোকসভা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰি ৰাজ্যখনৰ পৰা কংগ্ৰেছক চিৰবিদায় দিব লাগিব । দলৰ লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত নোহোৱাকৈ দলে অহা দিনত দলক অধিক শক্তি বৃদ্ধি কৰাৰ লগতে আঞ্চলিকতাবাদক অধিক জনমুখি আৰু প্ৰাসঙ্গিক কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ৰাজ্যখনক বিকশিত আৰু সুৰক্ষিত কৰাৰ বাবে দলে দায়বদ্ধতা পালন কৰি যাব বুলি উল্লেখ কৰি সভাপতি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলীয় কাৰ্য্যসূচী ৰূপায়ণ কৰাত গুৰুত্ব দিয়ে ।

সভাত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱত আঞ্চলিকতাবাদৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি মন্তব্য কৰি দলীয় সদস্যসকলক দলৰ হকে অধিক তৎপৰতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ।

অগপৰ কৰ্মকৰ্তা সন্মিলন

শিপাৰ পৰা দলক শক্তিশালী কৰাটো প্ৰতিজন দলীয় সদস্যৰে দায়িত্ব বুলি উল্লেখ কৰি ঐক্যবদ্ধ শক্তি হিচাপে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

সভাত দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে কৰ্ম-কৰ্তা সন্মিলনে দলক এক অন্যন্য মাত্ৰা প্ৰদান কৰা বুলি মতপ্ৰকাশ কৰি সাংগঠনিক ভেটি দৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে ।

সভাত দলৰ অন্যতম সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰ্মকৰ্তা সন্মিলনৰ তাৎপৰ্য্য সম্পৰ্কে বাখ্যা কৰি পৰৱৰ্তী সময়ত বিধান পৰিষদ আৰু পঞ্চায়ত পৰিষদতো একে ধৰণৰ কৰ্মকৰ্তা সন্মিলন আয়োজন কৰিবলৈ আহ্বান জনায় ।

কলিতাই কয় যে, গুৱাহাটী লোকসভাৰ দহ টা বিধান সভা সমষ্টিতে অসম গণ পৰিষদ দলৰ ভেটি এতিয়াও শক্তিশালী আৰু দলে যিকোনো নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈ আছে ।

কৰ্মকৰ্তা সন্মিলন

সভাত মহিলা পৰিষদৰ তৰফৰ পৰা সমবেত সংগীত আৰু ছাত্ৰ পৰিষদৰ সদস্যাসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে ।

সভাত দলৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, নুৰুল হুছেইন, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, পোনাকন বৰুৱা, বিমলেন্দু সিংহ, উপ-সভাপতি কুমাৰ দীপক দাস, জ্যোতিষ দাস, সুনীল ডেকা, দিলীপ পাটগিৰী, সুনীল ৰাজকোৱঁৰ, আক্ৰাম হুছেইন, ড০ তপন দাস, জয়ন্ত খাউণ্ড আদিৰ লগতে জিলা পৰিষদ আৰু বিধান পৰিষদৰ সভাপতি, সম্পাদকসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ লগতে চাৰি হেজাৰৰো অধিক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে ।

শলাগৰ শৰাই আগবঢ়ায় প্ৰচাৰ সম্পাদক ড০ তপন দাসে । আজিৰ এই কৰ্মকৰ্তা সন্মিলনে গুৱাহাটী মহানগৰীকে ধৰি পলাশবাৰী, ছয়গাওঁ, জালুকবাৰী, বকো, দুধনৈ, হাজো, বৰক্ষেত্ৰী, দিশপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী সমষ্টিৰ দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় । এই সভাই দলটোৰ প্ৰাসংগিকতা পুনৰবাৰ প্ৰতিফলিত কৰে।

কৰ্মকৰ্তা সন্মিলন