গুৱাহাটী

পুতলা গাড়ীৰ সৈতে খেলি খেলি চিৰদিনলৈ দৃষ্টিশক্তি হেৰুৱালে দেৱানিশীয়ে

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুতলা গাড়ীৰে খেলি খেলি অৱশেষত দৃষ্টিশক্তি হেৰুৱাবলগীয়া হ'ল এটি কণমানি শিশুৱে৷ এই হৃদয় বিদাৰক ঘটনা গুৱাহাটী মহানগৰীৰ৷ গুৱাহাটীৰ মণিপুৰীবস্তিত মঙবাৰে সন্ধিয়া খেলি থকা পুতলা গাড়ীখনৰ বিস্ফোৰণৰ পিছতে চিৰদিনলৈ ঘুণীয়া হৈ পৰিল কণমানিজনী৷

উল্লেখ্য যে, মঙলবাৰে কোনো অজ্ঞাত লোকে মণিপুৰীবস্তিৰ বাসিন্দা গকুল সিঙৰ ঘৰৰ বাহিৰত এটা পলিথিন বেগত ভৰাই পেলাই থৈ গৈছিল এখন পুতলা গাড়ী৷ গকুল সিঙৰ ১০ বছৰীয়া কন্যা দেৱানিশী সিঙে বাহিৰত খেলি থাকোতে পলিথিনৰ বেগটো প্ৰত্যক্ষ কৰে৷ তাৰ পিছতে খুলি চাই দেখে যে ভিতৰত এখন পুতলা গাড়ী৷ হঠাৎ এনেদৰে খেলিবৰ বাবে এখন পুতলা গাড়ী পাই আনন্দত আত্মহাৰা হৈ পৰে কণমানিজনী৷ কন্যাৰ এই আনন্দত চেঁচাপানী নাঢালি মাতৃ থকছম বেমবেম দেৱীয়েও কণমানিজনীক পুতলা গাড়ীখনৰ সৈতে খেলিবলৈ অনুমতি দিয়ে৷

ঘৰৰ ভিতৰত তেতিয়া দেৱানিশীয়ে পুতলা গাড়ীখনৰ সৈতে খেলি আছিল৷ কাষতে ৰৈ কন্যাৰ মুখৰ হাঁহিটি চাই তৃপ্তি লভি আছিল মাতৃয়েও৷ কিন্তু তেতিয়া কোনে জানিছিল যে সেই আনন্দৰ পল খিনিয়েই কেইমুহূৰ্তমানৰ ভিতৰতে দুখ-যন্ত্ৰণালৈ সলনি হ'ব? কোনেও ভৱা নাছিল যে এখন পুতলা গাড়ীয়ে চিৰদিনলৈ ঘুণীয়া কৰি থৈ যাব এটি নিস্পাপ শিশুক৷

হঠাৎ পুতলা গাড়ীখনৰ বিস্ফোৰণ ঘটে৷ লগে লগে হুৱা দুৱাৰ সৃষ্টি হয় অঞ্চলটোত৷ পুতলা গাড়ীখনৰ সৈতে খেলি থকা কণমানি দেৱানিশীৰ হাতৰ তিনিটা আঙুলিয়েই চিঙি যায় বিস্ফোৰণটোত৷ আঘাত পায় বাও চকুতো৷ আনহাতে কাষতে ৰৈ কন্যাৰ সৈতে ৰং ধেমালি কৰি থকা মাতৃৰো ভৰিত আঘাত লাগে বিস্ফোৰণৰ ফলত৷ স্থানীয় লোকে ততাতৈয়াকৈ দুয়োজনকে আৰ্য হাস্পতালত ভৰ্তি কৰে যদিও চিৰদিনলৈ এটা চকুৰ দৃষ্টি হেৰুৱাই পেলায় ১০ বছৰীয়া দেৱানিশীয়ে৷

সম্প্ৰতিও আৰ্য হাস্পতালতে চিকিৎসাধীন হৈ আছে কণমানিজনী৷ এখন পুতলা গাড়ী এনেদৰে বিস্ফোৰণ ঘটা ঘটনাক সহজভাৱে ল'ব পৰা ৰাইজ তথা আৰক্ষীয়েও৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷