গুৱাহাটী

প্লাইউডেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰি চমক এজন চালকৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰৰ হুবহু প্ৰতীকি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে গাড়ীগাঁৱৰ এজন গাড়ী চালকে। মহানগৰীৰ গাড়ীগাঁৱৰ জীয়াদুল ইছলাম নামৰ পেছাত গাড়ী চালকজনে প্ৰায় ৩ মাহৰ নিৰলস চেষ্টাৰ ফলত নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ প্ৰতীকি।

থাৰ্মকল আৰু প্লাইউড ব্যৱহাৰেৰে সম্পূৰ্ণ কৰা এই প্ৰতীকিটোৱে এতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। শাৰিৰীক পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিয়া জীয়াদুলে আৰ্থিক সাহায্য লাভ কৰিলে ভৱিষ্যতে ইয়াতকৈও সুন্দৰ সামগ্ৰী প্ৰস্তুত কৰি উলিয়াব পাৰিব বুলি মন্তব্য কৰে।