গুৱাহাটী

ন্যায়ালয়ৰ সমুখতে মহিলাক টাৰ্গেট দুৰ্বৃত্তৰ, লুটি নিলে ৫ লাখ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাক পুনৰ বুঢ়া আঙুলি দেখুৱালে ডকাইতে। উচ্চ ন্যায়ালয়ৰ সমীপতে এইবাৰ বেংকৰ পৰা টকা লৈ অহা মহিলাক টাৰ্গেট কৰি ললে দুৰ্বৃত্তই।

বুধবাৰে এগৰাকী মহিলাই উজান বজাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা উলিয়াই অনা ৫ লাখ টকা লৈ উধাও হয় পালছাৰ বাইকত অহা দুই দুৰ্বৃত্ত। হাজোৰ বৰচাপৰিৰ লীনা কলিতা নামৰ এগৰাকী মহিলাৰ পৰা এই টকা লৈ উধাও হয় দুৰ্বৃত্ত।

উল্লেখ্য যে, এম এছ টি গোচৰত মহিলাগৰাকীয়ে লাভ কৰিছিল ৫ লাখ টকা। হাজোৰ মহিলাগৰাকীয়ে টকাখিনি লৈ আহোঁতে এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে মহিলাগৰাকীয়ে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।