গুৱাহাটী

কটন এলুমনাই ভৱনত ৩খন অনুবাদ গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : দেওবাৰে কটন এলুমনাই ভৱনত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তিনিখনকৈ অনুবাদ গ্ৰন্থৰ উন্মোচন কৰা হয়। বাংলাদেশৰ জনপ্ৰিয় লেখক মহম্মদ জাফৰ ইকবালৰ বাংলা ভাষিত ৰচিত তিনিওখন গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে ৰঞ্জনা দত্তই।

'মই তপু', 'দীপু নম্বৰ টু' আৰু 'বুবুনৰ দেউতাক' - শীৰ্ষক কিতাপ তিনিখনৰ প্ৰকাশক 'আলিবাট প্ৰকাশন।' কিতাপকেইখন উন্মোচন কৰে ক্ৰমে শিশু সাহিত্যিক তথা কল্প বিজ্ঞান লেখক বন্দিতা ফুকন, লেখক পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত আৰু শিল্পী মধুসুদন দাসে। বিশিষ্ট ভাস্কৰ বীৰেন সিংহ মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

'মই তপু' গ্ৰন্থখন উন্মোচন কৰি বন্দিতা ফুকনে কয় যে, শিশু আৰু কৈশোৰ মনকেই নহয়, সকলো শ্ৰেণীৰ পাঠককে এই কিতাপখনে আকৰ্ষণ কৰিব। কাহিনীৰ গভীৰতা তথা মনপৰশা উপস্থাপনে 'মই তপু'ক এখন ৰসোত্তীৰ্ণ গ্ৰন্থৰ শাৰীত থৈছে বুলিও তেওঁ মন্তব্য কৰে।

পদ্মশ্ৰী, সুলেখক অৰূপ কুমাৰ দত্তই "দীপু নম্বৰ টু" কিতাখন উন্মোচন কৰি অনুবাদ সাহিত্যৰ গুৰুত্বৰ কথা কয়। লেখক এগৰাকীক যিমান গুৰুত্ব দিয়া হয়, তাৰ তুলনাত অনুবাদক এগৰাকীয়ে সিমানখিনি গুৰুত্ব নাপায় বুলিও তেওঁ আক্ষেপ কৰে। অনুবাদ কৰ্ম অতি কঠিন বিষয় বুলি তেওঁ মন্তব্য কৰি কয় যে লেখকে যি ভাষাত সাহিত্য চৰ্চা কৰে, তেওঁ সেই ভাষাতো জানিলেই হয়। কিন্তু অনুবাদকগৰাকীয়ে দুটা ভাষা ভালকৈ জানিবই লাগিব। ৰঞ্জনা দত্তৰ সৰল আৰু সাৱলীল অনুবাদৰ তেওঁ ভূয়সী প্ৰশংসা কৰে।

আনহাতে ঔপন্যাসিক, নাট্যকাৰ, শিল্পী মধুসুদন দাসে 'বুবুনৰ দেউতাক' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি শিশুৰ সৈতে থকা তেওঁ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ কথা কয়। আজিৰ শিশুসকলক মোবাইলৰ পৰা দূৰত ৰাখিবলৈ কিতাপ এক সুন্দৰ মাধ্যম বুলিও তেওঁ কয়।

মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট ভাস্কৰ বীৰেন সিংহই কয় যে, কিতাপৰ কাহিনীয়ে দেশে দেশে থকা পৱিত্ৰ ভূমিৰ ইতিহাসৰ কথা উন্মোচিত কৰে।কিতাপকেইখনৰ প্ৰকাশক 'আলিবাট প্ৰকাশন'ৰ স্বত্তাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই শিশু আৰু কৈশোৰ মনক আলোড়িত কৰিব পৰা মসৃণ অনুবাদৰ সুন্দৰ বিষয়বস্তুৰ কিতাপকেইখন প্ৰকাশ কৰিবলৈ পাই, সুখী বুলি মন্তব্য কৰে। উল্লেখ্য যে, উন্মোচনী সভাখনত বহুসংখ্যক গ্ৰন্থপ্ৰেমী উপস্থিত আছিল।