গুৱাহাটী

কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত সকলোৱে পাৰ্যমান সহায়ৰ হাত আগবঢ়াইছে আৰ্তজনৰ লগতে চৰকাৰৰ আৰোগ্য নিধিলৈ। বিভিন্ন জনে ব্যক্তিগতভাৱে সহায় কৰাৰ লগতে বহু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানেও কোৰোনাক প্ৰতিহতৰ বাবে চৰকাৰক আৰ্থিক সাহায্য আগবঢ়াইছে।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ(GMDA)ৰ বিষয়া-কৰ্মচাৰীসকলেও সোমবাৰে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে এদিনৰ দৰমহা। সকলো বিষয়া-কৰ্মচাৰীৰ এদিনৰ দৰমহা প্ৰায় ১,৭২৮৪৬ টকা অসম আৰোগ্য নিধিত জমা কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে। উল্লেখ্য যে, সহস্ৰাধিকজনে দিয়া এনে বৰঙণিৰ বাবেই ১৫ কোটিৰো অধিক ধন জমা হৈছে অসম আৰোগ্য নিধিত।