বিনোদন

তনুশ্ৰীক নিৰ্যাতন… নানা পাটেকাৰলৈ মহিলা আয়োগৰ জাননী

asomiyapratidin

ডিজিটেল ডেস্কঃ ১০ বছৰ পূৰ্বৰ যৌন নিৰ্যাতন সন্দৰ্ভত জনপ্ৰিয় অভিনেতা নানা পাটেকাৰলৈ জাননী প্ৰেৰণ কৰিছে মহিলা আয়োগে। মঙলবাৰে মহাৰাষ্ট্ৰ মহিলা আয়োগে অভিনেত্ৰী তনুশ্ৰী দত্তই আৰোপ কৰা অভিযোগ সন্দৰ্ভত এই জাননী প্ৰেৰণ কৰে অভিনেতাজনলৈ।

উল্লেখ্য যে, #MeToo আন্দোলনক দেশত এক নতুন মাত্ৰা প্ৰদান কৰি কিছুদিন পূৰ্বে নানা পাটেকাৰৰ বিৰুদ্ধে এখন চিনেমাৰ শ্বুটিঙৰ সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল তনুশ্ৰীয়ে।

নানা পাটেকাৰৰ লগতে এজন কৰিঅ'গ্ৰাফাৰৰ বিৰুদ্ধেও তনুশ্ৰীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মুম্বাইৰ এখন থানাত গোচৰো ৰুজু কৰিছে। ইফালে, তনুশ্ৰীৰ উক্ত অভিযোগ বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে নানা পাটেকাৰে।

সোমবাৰেও সংবাদমেলৰ আয়োজন কৰি অভিনেতাজনে তনুশ্ৰীৰ অভিযোগ খণ্ডন কৰে। ইয়াৰ মাজতে আজি মহিলা আয়োগে পাটেকাৰলৈ জাননী প্ৰেৰণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়োগে জাননী প্ৰেৰণ কৰি অভিনেতাজনক ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈকো নিৰ্দেশ প্ৰদান কৰে।