বিনোদন

নানা পাটেকাৰে কিদৰে নিৰ্যাতন চলাইছিল অভিনেত্ৰী তনুশ্ৰীকঃ VIDEO ভাইৰেল

asomiyapratidin

ডিজিটেল ডেস্কঃ অভিযোগ উত্থাপনৰ কেবাদিনো অতিক্ৰম কৰিলে যদিও এতিয়াও বলীউডত অব্যাহত আছে খলকনি। অভিযোগক ভিত্তিহীন আখ্যা দিলেও পুনৰ আন এজনে সমৰ্থন জনাই বিষয়টোক গৰম কৰি ৰাখিছে। এনেদৰে ক্ৰমাৎ দুটা শিবিৰত বিভক্ত হৈ পৰিছে বলীউড।

এটা ভাগ তনুশ্ৰী দত্তৰ পক্ষত, আনটো নানা পাটেকাৰৰ পক্ষত। ইয়াৰ মাজতে শনিবাৰে মুম্বাইত পাটেকাৰৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰে তনুশ্ৰীয়ে। নানাৰ লগতে কৰিঅ'গ্ৰাফাৰ গণেশ আচাৰ্যৰ বিৰুদ্ধেও অভিনেত্ৰীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

পিছে, কি সত্য, কি অসত্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তাৰ মাজতে ভাইৰেল হৈ পৰিছে এটি ভিডিঅ'। যিখন চিনেমাৰ শ্বুটিঙত নানা পাটেকাৰ আৰু গণেশ আচাৰ্যই নিৰ্যাতন চলোৱা বুলি তনুশ্ৰীয়ে অভিযোগ উত্থাপন কৰিছে ভিডিঅ'টো সেই চিনেমাখনৰে বুলিও দাবী কৰা হৈছে।

বলীউড মহলৰ এটা অংশৰ মতে ভিডিঅ'টো 'হৰ্ন অকে প্লিজ' ছবিখনৰ শ্বুটিং ছেটৰ ভিডিঅ'। সেইদিনাই উক্ত ঘটনাটো সংঘটিত হোৱা বুলিও অনুমান কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে অভিনেত্ৰীগৰাকী।

এজাহাৰ দাখিলৰ পিছত ঘটনা সন্দৰ্ভত অনুসন্ধানৰ বাবে অহা মঙলবাৰলৈ তনুশ্ৰীৰ জবানবন্দী লোৱা হ'ব বুলি জনাইছে অধিবক্তা নীতিন শতপুতে। ইফালে, শুকুৰবাৰে মুম্বাই বিমান বন্দৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নানা পাটেকাৰে দৃঢ়তাৰে দাবী কৰে যে তনুশ্ৰীৰ অভিযোগ এশ শতাংশই অসত্য। 'যিটো মিছা সেইটো মিছাই। ১০ বছৰ আগতেই আমি ইয়াৰ উত্তৰ দিছিলো।'-নানাই কয়।

https://www.instagram.com/p/BohNn-wHkAR/?utm_source=ig_web_copy_link

উল্লেখ্য যে, ২০০৮ চনত 'হৰ্ন অকে প্লিজ' ছবিখনৰ শ্বুটিঙৰ সময়ত নানাই অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল তনুশ্ৰীয়ে। উক্ত ঘটনাৰ প্ৰতিবাদ জনোৱাৰ পিছত এটা ৰাজনৈতিক দলৰ গুণ্ডাবাহিনী লগাই গাড়ীত আক্ৰমণ চলোৱাৰ অভিযোগো উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।