উদীয়মাণ পৰিচালক চিন্ময় বাৰ্মাৰ এইবাৰ নৱতম ছবি ‘খিৰিকী‘

অক্টোবৰ মাহৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
উদীয়মাণ পৰিচালক চিন্ময় বাৰ্মাৰ এইবাৰ নৱতম ছবি ‘খিৰিকী‘

ডিজিটেল ডেস্ক : এগৰাকী নাৰীৰ অন্তৰত থাকে বহু অব্যক্ত কথা, গুপুত কাহিনী। এখন সমাজৰ পৰা পোৱা ঘটনা- পৰিঘটনাৰে সংপৃক্ত এগৰাকী নাৰীয়ে বিভিন্ন সময়ত ক’ব খুজিও মুকলিকৈ ক’ব নোৱাৰে কেতবোৰ কথা। সামাজিকৰ বাধা, উচ্চ বাচ্যৰ পৰা নিজকে আঁতৰাই ৰখা ইত্যাদি বহু উপসৰ্গ বুকুত বান্ধি পাৰ হয় এগৰাকী নাৰীৰ জীৱন !  

Advertisment

এইসকলো দিশ পৰ্যবেক্ষণৰ চেষ্টা কৰাৰ লগতে নাৰীৰ আৱেগ আৰু অন্তৰ্দৃষ্টিক অধিক গুৰুত্ব দি পুনৰ এখন নিৰ্বাক ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে উদীয়মাণ পৰিচালক চিন্ময় বাৰ্মা। তেঁওৰ নৱতম ছবিখনৰ নাম হৈছে- খিৰিকী। কাহিনী কৰণ কুমাৰ দাসৰ।

ছবিখনৰ সন্দৰ্ভত পৰিচালক বাৰ্মাই জনোৱা অনুসৰি এই ছবিখন নাৰীকেন্দ্ৰিক। খিৰিকী এখনক প্ৰতীক হিচাপে লৈ নাৰীৰ দৃষ্টিকোণ বিশ্লেষণ কৰিব বিচৰা হৈছে ছবিখনত। নাৰীৰ সুক্ষ্ম সুক্ষ্ম দৃষ্টিভংগীবোৰ আপাত দৃষ্টিৰে এখন খিৰিকীৰে প্ৰত্যক্ষ কৰা দৃশ্যৰ লগত ৰিজোৱা হৈছে।

চিত্ৰ আৰু কলাৰ মাধ্যমেৰে এই দৃষ্টিভংগী চিনেমাখনৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰা বুলি পৰিচালক চিন্ময়ে জানিবলৈ দিয়ে। লগতে কয় যে অহা অক্টোবৰ মাহৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব। ইতিমধ্যে ছবিখনৰ প্ৰাৰম্ভিক কাম-কাজ সম্পূৰ্ণ হৈছে বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে।

Also Read: হাৰিয়ানা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী...

short film Khiriki Chinmoy Barma