বিনোদন

চিনেমা নহয়, আহি আছে অক্ষয় কুমাৰৰ অভিনেত্ৰী পত্নী টুইংকলৰ নতুন গ্ৰন্থ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰায়বোৰ অভিনেতা-অভিনেত্ৰীয়ে কিতাপ পঢ়ি খুবেই ভাল পায়। উপন্যাস, আলোচনীৰ পৰা আদি কৰি বিভিন্ন গঠনমূলক কিতাপ পঢ়াৰ লগতে কেইবাজনো অভিনেতা-অভিনেত্ৰীৰ বহুকেইখন গ্ৰন্থও প্ৰকাশ পাইছে। এসময়ত ৰূপালী পৰ্দাত দপদপাই থকা টুইংকল খান্নাই বিগত কেইটামান বছৰ অভিনয় জগতৰ পৰা আতৰি আছে।

মোহময়ী অভিনেত্ৰী টুইংকল খান্নাৰ ইতিমধ্যে দুখনকৈ গ্ৰন্থ প্ৰকাশ পাইছে। 'মিছেছ ফানীব'নছ' আৰু 'লেজেণ্ড অফ লক্ষ্মীপ্ৰসাদ' শীৰ্ষক খান্নাৰ গ্ৰন্থ দুখন পঢ়ুৱৈসকলে আদৰি লোৱাৰ পাছতে টুইংকল খান্নাৰ 'পাইজামাছ আৰ ফ'ৰগিভিং' নামৰ গ্ৰন্থখন অচিৰেই প্ৰকাশ কৰা হ'ব বুলি জানিব পৰা গৈছে। গ্ৰন্থখন প্ৰকাশ কৰিব 'জাগ্গাৰনট বুকছে'।

কিছুদিনৰ পূৰ্বে ইষ্টগামত গ্ৰন্থখনৰ বেটুপাত শ্বেয়াৰ কৰিছিল টুইংকল খান্নাই। এগৰাকী মহিলাৰ জীৱনৰ ঘাট-প্ৰতিঘাটক কেন্দ্ৰ কৰি লিখা এই গ্ৰন্থখন উন্মোচন কৰিব বলিউডৰ অভিনেত্ৰী সুনম কাপুৰে।

উল্লেখযোগ্য যে, টুইংকল খান্নাৰ বাকী দুখন গ্ৰন্থ উন্মোচন কৰিছিল আমিৰ খান, ৰনবীৰ কাপুৰ আৰু আলিয়া ভট্টে। কিছুদিনৰ পূৰ্বে অক্ষয় কুমাৰৰ 'পেডমেন' ছবিখনো টুইংকলৰ এটা ছুটীগল্পৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ প্ৰযোজক হিচাপেও আছিল টুইংকল খান্না।