বিনোদন

২০০ কোটি টকা উপাৰ্জনেৰে অভিলেষ ‘দ্যা কাশ্মীৰ ফাইলচৰ’…

asomiyapratidin

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে বিবেক অগ্নিহোত্ৰীৰ নিৰ্দেশিত ছবি দ্যা কাশ্মীৰ ফাইলচ।ছবিখনে বৰ্তমান সময়লৈকে প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই ছবিখনকৰ মুঠ আয় ২০০.১৩ কোটি টকা। ট্ৰেড এনালিষ্ট তৰণ আদৰ্শে এই সন্দৰ্ভত তথ্য দাঙি ধৰি কয় যে দ্যা কাশ্মীৰ ফাইলচে ২০০ কোটিৰ ঘৰত প্ৰৱেশ কৰিছে।মহামাৰীৰ সময়ত এই ছবিখনে সৰ্বাধিক আয় কৰা এখন ছবি।

উল্লেখ্য যে, এই ছবিখনক লৈ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ছবিখনত ১৯৯০ চনত কাশ্মীৰত হিন্দু পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে দেখুওৱা হৈছে।