বিনোদন

কি কৰিলে কৰীণাৰ ২ বছৰীয়া পুত্ৰই, শ্বেঈফ-কৰীণাতকৈ জনপ্ৰিয় টাইমুৰ, ভাইৰেল PHOTO

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ চেলিব্ৰেটীৰ সন্তানসকলৰ ভিতৰত শ্বেঈফ আলী খান আৰু কৰীণা কাপুৰৰ পুত্ৰ টাইমুৰৰ আছে অধিক জনপ্ৰিয়তা। কিছুদিনৰ পূৰ্বে য়াহুয়ে ভাৰতৰ 'নিউজ মেকাৰ অৱ দ্য ইয়েৰ ২০১৮'ৰ তালিকাত টাইমুৰক দিছে দশম স্থান। এই তালিকাৰে প্ৰথম স্থানত আছে নৰেন্দ্ৰ মোদী।

জন্মৰ পিছৰে পৰা টাইমুৰৰ চেহেৰা কেমেৰাৰ সমুখলৈ অহাৰ পিছৰে পৰা প্ৰতিটো দিনতেই টাইমুৰৰ চেহেৰা ভাইৰেল হয় ছচিয়েল মিডিয়াত। টাইমুৰ কত গৈছে, কি কৰিছে সেই সকলো কামৰ ওপৰত গুৰুত্ব দিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহেও।

শেহতীয়াকৈ ২ বছৰীয়া টাইমুৰৰ কেইখনমান ফটো খুবেই ভাইৰেল হৈছে। পঢ়ি থকা স্কুলৰ বাৰ্ষিক খেল-ধেমালিত টাইমুৰ দৌৰিছে ট্ৰেকত। টাইমুৰৰ লগতে আছে মাতৃ কৰীণা কাপুৰো।

খবৰ অনুসৰি টাইমুৰে এই প্ৰতিযোগীতাত মেডেল লাভ কৰিবলৈও সক্ষম হৈছে।

উল্লেখ্য যে,টাইমুৰ জন্ম হৈছিল ২০১৬ চনৰ ২০ ডিচেম্বৰত। টাইমুৰ জন্ম হোৱাৰে পৰা মাতৃ কৰিণাই কোনো ছবিতে কাম কৰা নাই যদিও পূৰ্বতে শ্বুটিং কৰা কৰীণাৰ এখন ছবি ২০১৯ৰ ১ জুনত ছবিঘৰলৈ আহিব।