বিনোদন

ছানী লিয়নীৰ সন্মুখত কি ডাঙৰ প্ৰত্যাহ্বান?

asomiyapratidin

ডিজিটেল ডেস্কঃ ছানী লিয়নীৰ সন্মুখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান। কোনো দিনে এনে কথা কোৱা নাই ছানী লিয়নীয়ে। এখন ছবি শ্বুটিঙৰ কাম চলিছিল। ছবিখনৰ নাম 'কৰণজিৎ কৌৰঃ দ্য আনটল্ড ষ্টৰী'।

এই ছবিখনত অভিনয় কৰিছে ছানীয়ে। তাত অভিনয় কৰাতোৱেই হেনো ছানীৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছিল। ছানীয়ে সদৰী কৰা মতে, এই ছবিখনৰ চৰিত্ৰটোত শ্বুটিঙৰ বাবে মই বৰ প্ৰত্যাহ্বান ল'ব লগা হৈছিল।

উল্লেখযোগ্য যে, এইখন ছানী লিয়নীৰেই জীৱন ভিত্তিক ছবি। নিজৰ চৰিত্ৰ ৰীল লাইফত ৰূপায়নৰ বাবে ছানীয়ে ভীষণ কষ্ট কৰিব লগা হৈছিল। যিটো ছানীয়ে অভিনয় জীৱনৰ এতিয়ালৈকে ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰিছে।